newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰ আৰক্ষীৰ তদন্ত মতে, পাকিস্তানত ৰচনা কৰা হৈছিল সাংবাদিক চুজাত বুখাৰীৰ হত্যাৰ ষড়যন্ত্ৰ৷ বৃহস্পতিবাৰে এখন সংবাদমেল যোগে লস্কৰ-ই-তৈবাই চুজাত বুখাৰীৰ হত্যা কৰাৰ লগতে এই হত্যাকাণ্ডত পাকিস্তানৰ হাত আছে বুলি স্পষ্ট কৰে জম্মু কাশ্মীৰ আৰক্ষীয়ে৷
এই হত্যাকাণ্ডৰ সৈতে জড়িত এজন অভিযুক্তৰ লস্কৰ-ই-তৈবা আৰু পাকিস্তানৰ সৈতে সম্পৰ্ক আছে বুলি কয় আৰক্ষীয়ে৷ আনহাতে লস্কৰৰ তিনি নেতা আজাদ আহমেদ মালিক, মোজাফ্ফৰ আহমেদ ভাট আৰু নবীন জদ্দাৰ ফটো প্ৰকাশ কৰে আৰক্ষীয়ে৷