newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰ আৰক্ষীৰ তদন্ত মতে, পাকিস্তানত ৰচনা কৰা হৈছিল সাংবাদিক চুজাত বুখাৰীৰ হত্যাৰ ষড়যন্ত্ৰ৷ বৃহস্পতিবাৰে এখন সংবাদমেল যোগে লস্কৰ-ই-তৈবাই চুজাত বুখাৰীৰ হত্যা কৰাৰ লগতে এই হত্যাকাণ্ডত পাকিস্তানৰ হাত আছে বুলি স্পষ্ট কৰে জম্মু কাশ্মীৰ আৰক্ষীয়ে৷ 

এই হত্যাকাণ্ডৰ সৈতে জড়িত এজন অভিযুক্তৰ লস্কৰ-ই-তৈবা আৰু পাকিস্তানৰ সৈতে সম্পৰ্ক আছে বুলি কয় আৰক্ষীয়ে৷ আনহাতে লস্কৰৰ তিনি নেতা আজাদ আহমেদ মালিক, মোজাফ্ফৰ আহমেদ ভাট আৰু নবীন জদ্দাৰ ফটো প্ৰকাশ কৰে আৰক্ষীয়ে৷ 

কাশ্মীৰ আৰক্ষীৰ আইজিপি এছপি পনীয়ে ৰাইজিং কাকতৰ সম্পাদক চুজাত বুখাৰীক পাকিস্তানৰ সৈতে সম্পৰ্ক থকা লস্কৰ-ই-তৈবাই হত্যা কৰা বুলি কয়৷ ইয়াৰ ষড়যন্ত্ৰ পাকিস্তানত ৰচনা হৈছিল৷ আৰক্ষীয়ে এই ঘটনাৰ সৈতে পাকিস্তানৰ হাত আছে বুলি দাবী কৰি এয়াৰ সম্পূৰ্ণ তথ্য আৰক্ষৰ হাতত আছে বুলি কয়৷ 

উল্লেখ্য যে, যোৱা ১৪ জুনত শ্ৰীনগৰৰ প্ৰেছ কলনিত স্থানীয় ৰাইজিং কাশ্মীৰ কাকতৰ সম্পাদক চুজাত বুখাৰীক গুলীয়াই নিৰ্বিঘ্নে আতৰি যায় সন্ত্ৰাসবাদী৷ ততাতৈয়াকৈ হস্পিতালত নিয়া যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷

এটা অস্ত্ৰধাৰী দলে আক্ৰমণ কৰিছিল৷ ৰাইজিং কাশ্মীৰ কাকতৰ সম্পাদকগৰাকী আৰু তেওঁৰ এগৰাকী দেহৰক্ষীৰ মৃত্যু হয়৷