ডিজিটেল ডেক্সঃ ২০১৭ বৰ্ষৰ জুন মাহৰ পৰা আৰম্ভ হোৱা ৭৩ দিনীয়া ডকলাম বিবাদ কূটনৈতিকভাৱে শাম কাটিলেও চীন আৰু ভাৰতৰ মাজৰ সীমান্তকলৈ উত্তেজনা অব্যহত আছে। ভাৰতত চীনৰ বৃহৎ বজাৰ থকাৰ প্ৰতি লক্ষ্য ৰাখি দেশখনে কিছু সংযত হৈ থাকে যদিও সীমান্তৰ সিপাৰে সামৰিক কাৰ্য-কলাপে ভাৰতক উদ্বিগ্ন কৰি আহিছে।
শেহতীয়াকৈ চীনে তিবতৰ দুৰ্গম পাহাৰীয়া অঞ্চলত আগ্ৰাসী মনোভাব পোষণ কৰাত ভাৰতেও অৰুণাচল প্ৰদেশৰ সীমান্তত সমৰসজ্জা গঢ়ি তুলিছে। পূব প্ৰান্তৰ ৰাজ্যখনৰ দিবাং, দাও-দেলাই আৰু লোহিত উপত্যকাত চীনক প্ৰতিহত কৰিবৰ বাবে সাজু হৈ আছে ভাৰতীয় সেনা।