২০১৯ৰ গণতন্ত্ৰ দিৱসত অতিথি হিচাপে উপস্থিত থাকিব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

Home দেশ২০১৯ৰ গণতন্ত্ৰ দিৱসত অতিথি হিচাপে উপস্থিত থাকিব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প

২০১৯ৰ গণতন্ত্ৰ দিৱসত অতিথি হিচাপে উপস্থিত থাকিব পাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প

by News Desk
59 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৯ চনৰ গণতন্ত্ৰ দিৱসত অতিথি হিচাপে অংশ গ্ৰহণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প৷ ইতিমধ্যে ভাৰতে নিমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছে আমেৰিকা প্ৰশাসনক৷ টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ মতে, ভাৰতে অহা বছৰ ২৬ জানুৱাৰীত পালন কৰিব লগীয়া গণতন্ত্ৰ সমাৰোহত ডনাল্ড ট্ৰাম্পক আমন্ত্ৰণ জনাবৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে৷ 

বিগত এপ্ৰিল মাহত প্ৰেৰণ কৰা নিমন্ত্ৰণী পত্ৰ সন্দৰ্ভত বিবেচনা কৰি আছে হোৱাইট হাউছ প্ৰশাসনে৷ জানিব পৰা মতে, ডনাল্ড ট্ৰাম্পে এই নিমন্ত্ৰণ স্বীকাৰ কৰিব পাৰে৷ ইয়াৰ পূৰ্বে ২০১৫ বৰ্ষত গণতন্ত্ৰ দিৱসত আমেৰিকাৰ ৰাষ্ট্ৰপতি বৰাক অ’বামা উপস্থিত আছিল৷ অ’বামাই পত্নী মিছেল অ’বামাৰ সৈতে উপস্থিত আছিল৷ ২০১৬ চনত আবু ধাবীৰ প্ৰিন্স মহম্মদ বিন জঈদ উপস্থিত আছিল৷ আমেৰিকা আৰু এছিয়াৰ দেশৰ মাজত ট্ৰাম্পক লৈ সম্পৰ্ক ভাল নোহোৱাৰ পিছতোঁ ট্ৰাম্পে ভাৰতৰ গণতন্ত্ৰ দিৱসত উপস্থিত থাকিব নে নাই সেয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0