ডিজিটেল ডেক্সঃ যোৱা ২৯ মাৰ্চত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা জিএছএটি-৬এ কমিউনিকেশ্বন উপগ্ৰহটোত যান্ত্ৰিক বিজুতিয়ে দেখা দিছে। ২৭০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ২,০৬৬ টন ওজনৰ উপগ্ৰহটোৰ কোনো আপডেট ইছৰোই প্ৰকাশ কৰা নাই।
উপগ্ৰহটো কক্ষপথত স্থাপন কৰিবলৈ লোৱাৰ সময়তে ৩০ মাৰ্চৰ পুৱা ৯.২২ বজাত অন্তিমটো আপডেট আহিছিল। এক সূত্ৰত প্ৰকাশ যে দ্বিতীয়টো অৰ্বিট ৰেইজিঙলৈকে সকলো থিক আছিল যদিও ইয়াৰ পাছতে বিজুতিয়ে দেখা দিয়ে।