ডিজিটেল ডেস্কঃ কল্পনা কৰক এনে এটা পৰিস্থিতি, য’ত কেৱল সাতজন ক্ৰিকেট খেলুৱৈৰে ভাৰতীয় জাতীয় দলটোৱে ফিল্ডিং কৰি আছে৷ ক্ৰিকেটৰ সাধাৰণ জ্ঞান থকা জনেও বুজি পাব কেনে পুতৌলগা প্ৰদৰ্শন হ’ব পাৰে তেনে দল এটাৰ৷
অনুৰূপ এক পৰিস্থিতিৰ উদ্ভৱ হৈছে ভাৰতীয় বায়ুসেনাত৷ শত্ৰুপক্ষৰ সৈতে যুঁজিবলৈ দুৰ্বাৰ সাহস আৰু বুদ্ধিমত্তা আছে থিকেই, কিন্তু নাই পৰ্যাপ্ত আহিলা৷ ক্ৰিকেটৰ উপমাৰে এনেদৰে ভাৰতীয় বায়ুসেনাৰ দুৰৱস্থাৰ বিষয়টো দাঙি ধৰিলে এয়াৰ চীফ মাৰ্শ্বাল বিএছ ধনোৱাই৷
ভাৰত-পাক সীমান্তত সম্প্ৰতি সঘনাই অনুপ্ৰৱেশকাৰীয়ে গ্ৰেনেড বিস্ফোৰণ, গুলীচালনা আদিৰে পৰিৱেশ অশান্ত কৰি তোলাৰ সময়তে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ মন আছে, কিন্তু তাৰ বাবে পৰ্যাপ্ত সংখ্যক ফাইটাৰ জেট৷ এনেদৰে ভাৰতীয় বায়ুসেনাৰ অৱস্থা কোঙা হৈ পৰাৰ লেখীয়া হৈছে বুলি "দ্য ইণ্ডিয়ান এক্সপ্ৰেছ"ৰ সৈতে এক সাক্ষাৎকাৰত সদৰী কৰিছে চীফ মাৰ্শ্বালজনে৷
দুমুখীয়া আক্ৰমণ প্ৰতিহত কৰাৰ বাবে বায়ুসেনাক অতিকমেও ৪২ খন ফাইটাৰ স্কোৱাড্ৰন প্ৰয়োজন৷ বিশেষকৈ পাকিস্তান আৰু চীনদেশৰ পৰা হ’বপৰা সাম্ভাব্য আক্ৰমণ প্ৰতিহত কৰাৰ বাবে বায়ুসেনাৰ হাতত সম্প্ৰতি ৩২ খনহে ফাইটাৰ স্কোৱাড্ৰন আছে বুলি জানিবলৈ দিয়ে চীফ মাৰ্শ্বালজনে৷