newsnextone.com | ডিজিটেল ডেস্কঃ গোৰক্ষাৰ নামত চলা হিংসা-হত্যাৰ প্ৰতি কঠোৰ হৈ উঠা উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক এই ব্যাধিস্বৰূপ হিংসা প্ৰতিৰোধৰ বাবে পদে পদে সাজু হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এনেধৰণৰ ঘটনা গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি মঙলবাৰে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাৰ আদালতে কয় যে প্ৰতিখন ৰাজ্যই এইক্ষেত্ৰত দায়িত্বশীল হোৱা উচিত।
দীপক মিশ্ৰাৰ লগতে ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু ডি ৱাই চন্দ্ৰচূড়ৰ তিনিজনীয়া বিচাৰপীঠখনে কয় যে এয়া আইন-শৃংখলাৰ বিষয়। গোৰক্ষাৰ নামত দৰাচলতে ৰাজহুৱা হিংসাই প্ৰশ্ৰয় লয়। এনেধৰণৰ হিংসাজনিত কাৰ্যকলাপৰ মষিমুৰ কৰিবলৈ নিৰ্দেশনাৱলীৰো পৰামৰ্শ দিয়ে সৰ্বোচ্চ ন্যায়ালয়খনে।