নতুন দিল্লীঃ ১৯৭১ চনৰ পাছত মঙলবাৰে পুৱতি নিশা ভাৰতীয় বায়ুসেনাই প্ৰথমবাৰৰ বাবে পাকিস্তানী আকাশত প্ৰৱেশ কৰি বালাকোটত থকা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলোৱাৰ পাছতেই দুই দেশৰ মাজত থকা কূটনৈতিক সম্পৰ্ক প্ৰায় ছিন্ন হৈ পৰিল৷ 

এই আক্ৰমণৰ ২৪ ঘন্টাৰ পাছতেই দুয়োখন দেশৰ মাজত পুনৰ আৰম্ভ হয় সামৰিক ভাবুকিৰ৷ বুধবাৰে পুৱাই দুয়ো দেশৰ বায়ু সেনাই সীমান্তৰ আকাশমাৰ্গত যুদ্ধংদেহি মনোভাবেৰে বিচৰণ কৰে৷ এনে পৰিস্থিতিত ভাৰতে সমগ্ৰ উত্তৰ-পশ্চিম ভাৰতৰ আকাশমাৰ্গত বাণিজ্যিক বিমান সেৱা বন্ধ কৰি দিয়ে৷ বিমান বন্দৰবোৰত আৱদ্ধ হৈ পৰে শ শ বিমান যাত্ৰী৷ অৱশ্যে পাছত এই নিষেধাজ্ঞা উঠাই লোৱা হয়৷

ইফালে, জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰা পাকিস্তানী বায়ুসেনা বাহিনী এফ-১৬ যুঁজাৰু বিমান ভাৰতে ভূপতিত কৰে৷ অৱশ্যে ইয়াক অস্বীকাৰ কৰিছে পাকিস্তানে৷ 

আনহাতে, পাকিস্তানেও দেশখনৰ আকাশমাৰ্গত প্ৰৱেশ কৰা দুখন ভাৰতীয় জেট বিমান ভূপতিত কৰা বুলি দাবী কৰিছে৷ লগতে এই বিমানৰ দুজন পাইলটক পাক সেনাই গ্ৰেপ্তাৰৰো দাবী কৰিছে৷ 

ৰাছিয়াৰ আৰ টি, বি বি চিকে ধৰি আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানসমূহে পাকিস্তানৰ চৰকাৰী ভাষ্যক অগ্ৰাধিকাৰ দি বাতৰি পৰিৱেশন কৰা দেখা গৈছে৷

আনকি আৰ টি সংবাদ প্ৰতিষ্ঠানে পাকিস্তান সেনাই গ্ৰেপ্তাৰ কৰা এজন পাইলটৰ স্বীকাৰোক্তিৰ ভিডিঅ’ও প্ৰকাশ কৰিছে৷ চকু বান্ধি থোৱা অৱস্থাত আৰু মুখমণ্ডলত তেজৰ চেকুৰা লাগি থকা পাইলটজনে নিজৰ পৰিচয় দাঙি ধৰি কোৱা দেখা গৈছে যে তেওঁ উইং কমাণ্ডাৰ অভি নন্দন৷

উল্লেখ্য যে, মংগলবাৰে পুৱতি নিশা ৩.৩০ বজাত ভাৰতীয় বায়ুসেনা বাহিনীয়ে বালাকোটত আক্ৰমণ চলাই সুকলমে ঘূৰি অহাৰ পাছতো ভাৰতীয় পক্ষই এই বিজয়ৰ বাৰ্তা দেশবাসীক দিয়া নাছিল৷ ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্বই ভাৰতীয় সেনাই এই অভিযানৰ কথা পাকিস্তান সেনাবাহিনীৰ মুখপাত্ৰ মেজৰ জেনেৰেল আশ্বিফ গাফুৰৰ পুৱা ৫ বজাত দিয়া টুইটৰ যোগেৰেহে জানিব পাৰিছিল৷

সমগ্ৰ বিশ্বই পাক সেনাৰ তৰফৰপৰা এই বিষয়ে জানিব পৰাৰ পাছতেই ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ সচিব বিজয় গোখালে দিনৰ ১১.৩০ বজাত এক সংবাদ মেল সম্বোধন কৰি ভাৰতৰ এই অভিযানৰ বিষয়ে বিশ্ববাসীৰ আগত স্বীকাৰ কৰে৷

আন্তঃৰাষ্ট্ৰীয় মহলৰ আগত তেওঁ ভাৰতৰ এই আক্ৰমণৰ যুক্তিযুক্ততা প্ৰতিষ্ঠা কৰে৷ তেওঁ কয় যে সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে ভাৰতত আৰু অধিক আত্মঘাতী আক্ৰমণ চলাবলৈ পৰিকল্পনা কৰি বালাকোটৰ এই ঘাটীটোত সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দি আছিল৷ সেয়ে ভাৰতে এনে ‘অ-সামৰিক আৰু আত্মৰক্ষামূলক’ অভিযান চলাবলৈ বাধ্য হ’ল৷

শেহতীয়াকৈ ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু ভাৰতীয় বায়ুসেনা বাহিনীয়ে এক যুটীয়া সংবাদমেল সম্বোধন কৰি কয় যে ভাৰতে অজি এখন মিগ-২১ যুঁজাৰু বিমান হেৰুৱালে৷ পাকিস্তানৰ এখন যুঁজাৰু বিমানো ভাৰতে গুলিয়াই ধ্বংস কৰিছে৷ তদুপৰি অভিযানৰ সময়ত এজন ভাৰতীয় বায়ুসেনা বাহিনীৰ পাইলট নিখোজ হৈছে৷ 

এই যুটীয়া সংবাদমেলৰ পাছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে এক সংবাদমেল সম্বোধন কৰি ভাৰতক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনায়৷ তেওঁ লগতে কয় যে পৰিস্থিতি ইয়াতকৈ বেয়া হৈ সম্পূৰ্ণ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে৷ সেয়ে ইয়াক ইমানতে সমাপ্ত কৰিব লাগে৷