নতুন দিল্লীঃ ১৯৭১ চনৰ পাছত মঙলবাৰে পুৱতি নিশা ভাৰতীয় বায়ুসেনাই প্ৰথমবাৰৰ বাবে পাকিস্তানী আকাশত প্ৰৱেশ কৰি বালাকোটত থকা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলোৱাৰ পাছতেই দুই দেশৰ মাজত থকা কূটনৈতিক সম্পৰ্ক প্ৰায় ছিন্ন হৈ পৰিল৷
এই আক্ৰমণৰ ২৪ ঘন্টাৰ পাছতেই দুয়োখন দেশৰ মাজত পুনৰ আৰম্ভ হয় সামৰিক ভাবুকিৰ৷ বুধবাৰে পুৱাই দুয়ো দেশৰ বায়ু সেনাই সীমান্তৰ আকাশমাৰ্গত যুদ্ধংদেহি মনোভাবেৰে বিচৰণ কৰে৷ এনে পৰিস্থিতিত ভাৰতে সমগ্ৰ উত্তৰ-পশ্চিম ভাৰতৰ আকাশমাৰ্গত বাণিজ্যিক বিমান সেৱা বন্ধ কৰি দিয়ে৷ বিমান বন্দৰবোৰত আৱদ্ধ হৈ পৰে শ শ বিমান যাত্ৰী৷ অৱশ্যে পাছত এই নিষেধাজ্ঞা উঠাই লোৱা হয়৷