newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানৰ সেনাই ভাৰতৰ সেনাক কাতৰ অনুৰোধ কৰিবলৈ বাধ্য হৈছে গুলীবৰ্ষণ বন্ধ কৰিবলৈ৷ প্ৰতিদিনে পাকিস্তানৰ সেনাই যুদ্ধ বিৰত চুক্তি উলংঘন কৰি অহাৰ ফলত ভাৰতৰ সেনা আৰু সাধাৰণ লোকৰ মৃত্যু হৈ আহিছে৷ এইবাৰ পাকিস্তানক ভাৰতে প্ৰত্যুত্তৰ দি পাকিস্তানৰ কামিহাড় ভাঙি পেলাই৷ বিএছএফে প্ৰত্যুত্তৰ দি নিৰ্বিচাৰ গুলীচালনা কৰাত চুক্তি উলংঘন কৰাৰ ৰথা কৈ আক্ৰমণ বন্ধ কৰিবলৈ কাতৰ অনুৰোধ জনাই পাকিস্তানে৷ 

পাকিস্তান সেনাই বাৰে বাৰে যুদ্ধ বিৰত চুক্তি উলংঘন কৰাৰ লগতে যোৱ ১৭ মে’ৰ নিশাৰে পৰা ঘণ্টাৰ মূৰে মূৰে যুদ্ধ বিৰত চুক্তি উলংঘন কৰি আহিছিল পাকিস্তানে৷ জম্মু কাশ্মীৰৰ আৰএছপুৰা-আৰ্নিয়া, বিচনয়, চামব্লায়াল আৰু এছএম পুৰা চেক্টৰত পাকিস্তান সেনাই গুলীচালনা কৰাত এজন বিএছএফ জোৱান সহ ৪গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকী সাধাৰণ লোক আৰু সেনা জোৱান আহত হয়৷

বিএছএফে প্ৰকাশ কৰা এটি ভিডিঅ’ত ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তানৰ সেনাৰ এটা চাউনি ধ্বংস হোৱা পৰিলক্ষিত হয়৷ বিএছএফৰ আক্ৰমণত কেইবাগৰাকী পাকিস্তানৰ সেনাৰ মৃত্যু হোৱা বুলি খবৰ আহিছে৷ তাৰ লগে লগে পাকিস্তান সেনাৰ পক্ষই বাৰে বাৰে আক্ৰমণ বন্ধ কৰিবলৈ কাতৰ অনুৰোধ জনাই আহিছে৷ বিএছএফৰ আক্ৰমণ অব্যাহত থকাত পাকিস্তানৰ তৰানৰা ছিঙে৷ বিএছএফে প্ৰকাশ কৰা মতে যোৱা শনিবাৰৰ পৰা পাকিস্তানৰ সেনাক লক্ষ্য কৰি আক্ৰমণ চলাই থকা হৈছে৷ পাকিস্তানৰ ব্যাপক ক্ষতি হৈছে৷

উল্লেখ্য যে, ১৭ মে’ৰ গভীৰ নিশাৰে পৰা পাকিস্তানৰ সেনাই হিৰানগত এলেকাত নিৰ্বিচাৰ গুলীচালনা কৰিছিল৷ ফলত বিএছএফ জোৱান নিহত হয়৷ আনহাতে শুকুৰবাৰে পুৱাই মৃত্যু হয় এজন সেনা জোৱানৰ৷ আনহাতে গুলীত আহত হয় পিট্টালৰ সীমান্ত চকীত কৰ্তব্যৰত আন এজন সেনা জোৱানৰ৷ তাৰ লগে লগে ঘটনাত ৪গৰাকী সাধাৰণ লোক নিহত হয়৷ কেইবাগৰাকী সাধাৰণ নাগৰিক আহত হৈছে৷ নিহত সাধাৰণ নাগৰিসকল আৰ্নিয়া আৰু আৰএছপুৰাৰ বাসিন্দা৷ পাকিস্তানৰ সেনা যুদ্ধ বিৰত চুক্তি উলংঘন কৰি আৰ্নিয়া, আৰ এছ পুৰা, নাৰায়ণপুৰ, চামব্লায়াল আৰু এছএম পুৰাত নিৰ্বিচাৰ গুলী চলাই গৈছিল৷