newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানৰ সেনাই ভাৰতৰ সেনাক কাতৰ অনুৰোধ কৰিবলৈ বাধ্য হৈছে গুলীবৰ্ষণ বন্ধ কৰিবলৈ৷ প্ৰতিদিনে পাকিস্তানৰ সেনাই যুদ্ধ বিৰত চুক্তি উলংঘন কৰি অহাৰ ফলত ভাৰতৰ সেনা আৰু সাধাৰণ লোকৰ মৃত্যু হৈ আহিছে৷ এইবাৰ পাকিস্তানক ভাৰতে প্ৰত্যুত্তৰ দি পাকিস্তানৰ কামিহাড় ভাঙি পেলাই৷ বিএছএফে প্ৰত্যুত্তৰ দি নিৰ্বিচাৰ গুলীচালনা কৰাত চুক্তি উলংঘন কৰাৰ ৰথা কৈ আক্ৰমণ বন্ধ কৰিবলৈ কাতৰ অনুৰোধ জনাই পাকিস্তানে৷
পাকিস্তান সেনাই বাৰে বাৰে যুদ্ধ বিৰত চুক্তি উলংঘন কৰাৰ লগতে যোৱ ১৭ মে’ৰ নিশাৰে পৰা ঘণ্টাৰ মূৰে মূৰে যুদ্ধ বিৰত চুক্তি উলংঘন কৰি আহিছিল পাকিস্তানে৷ জম্মু কাশ্মীৰৰ আৰএছপুৰা-আৰ্নিয়া, বিচনয়, চামব্লায়াল আৰু এছএম পুৰা চেক্টৰত পাকিস্তান সেনাই গুলীচালনা কৰাত এজন বিএছএফ জোৱান সহ ৪গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকী সাধাৰণ লোক আৰু সেনা জোৱান আহত হয়৷