Home দেশএটা যুগৰ অন্ত! ইতিহাসৰ পাতত নাম লিখি নীৰৱে দেশ গঢ়ি গ’লগৈ মনমোহন সিং

এটা যুগৰ অন্ত! ইতিহাসৰ পাতত নাম লিখি নীৰৱে দেশ গঢ়ি গ’লগৈ মনমোহন সিং

by News Desk
A+A-
Reset
Manmohan Singh

বৃহস্পতিবাৰে অন্ত পৰিল ভাৰতীয় ইতিহাসৰ এটা যুগৰ। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশ্ববিখ্যাত অৰ্থনীতিবিদ ড০ মনমোহন সিঙৰ বিয়োগৰ খবৰে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ দেশবাসীক। ভাৰতীয় অৰ্থনীতিক শক্তিশালী কৰাৰ অন্যতম কাণ্ডাৰী ড০ মনমোহন সিং বিগত বহু দিনৰ পৰাই বাৰ্ধক্যজনিত শাৰীৰিক অসুস্থতাত ভুগি আছিল। দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সে এক বিবৃতিযোগে প্ৰকাশ কৰা মতে, শাৰীৰিক অসুস্থতাৰ বাবে বৃহস্পতিবাৰে সন্ধিয়া বাসগৃহতে হঠাৎ অচেতন হৈ ঢলি পৰিছিল ৯২ বৰ্ষীয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। ইয়াৰ পিছতে লগে লগে তেওঁক এইমছৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হয় যদিও অশেষ প্ৰচেষ্টাৰ অন্তত অৱশেষত নিশা চিকিৎসকে মৃত ঘোষণা কৰে। 

একেৰাহে দুটাকৈ কাৰ্যকালৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা ড০ মনমোহন সিঙৰ ব্যক্তিগত ভাৱমূৰ্তিত কেতিয়াও কোনো দাগ নালাগিছল। দেশৰ অৰ্থনৈতিক সংকটৰ সময়ত ভাৰতৰ বিশ্বমুখী যাত্ৰাৰ পথ প্ৰদৰ্শক সিঙক ‘এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’, ‘মৌন মোহন সিং’ আদি নামেৰে ইতিকিং কৰে বিৰোধীয়ে। কিন্তু ৰাজনৈতিক ‘হাহাকাৰ’ৰ পৰা বহু যোজন দূৰৈত থাকি দেশৰ হকে তেওঁ আগবঢ়োৱা অৱদানক স্বীকাৰ কৰিবলৈ বাধ্য প্ৰতিজন ভাৰতীয়। তেওঁৰ কৃতিত্বই সমাদৰ লাভ কৰে বিশ্বৰ প্ৰেক্ষাপটত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0