ডিজিটেল ডেস্কঃ সাতজনীয়া ন্যায়াধীশৰ বিচাৰপীঠ গঠন কৰি সৰ্বোচ্চ ন্যায়ালয়ত ন্যায়াধীশ কে এম জোচেফ আৰু ইন্দু মালহোত্ৰাৰ নিযুক্তিক চৰকাৰী হস্তক্ষেপৰ কথা উল্লেখ কৰিছিল। বিষয়টো আলোচনা কৰাৰ বাবে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰালৈ ৯ এপ্ৰিলত পত্ৰ লিখিছিল উচ্চতম ন্যায়ালয়ৰ কেইবাগৰাকী ন্যায়াধীশে। পত্ৰখনত চৰকাৰে শক্তিৰ অপব্যৱহাৰ কৰাৰ কথা মুকলিকৈ লিখিছিল ন্যায়াধীশ কুৰিয়ানে।

তাৰ পিছতে উচ্চতম ন্যায়ালয়ে ইন্দু মালহোত্ৰাক উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ ৰূপে নিযুক্তি প্ৰদান প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ কৰা আবেদন খাৰিজ কৰে বৃহস্পতিবাৰে৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয় সিংহই কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে এই আবেদন কোনা জনহিতকৰ নহয়৷ কেন্দ্ৰ চৰকাৰে যদি নিজে এই ক্ষেত্ৰত আহ্বান জনায়, তেন্তে সেয়া চৰকাৰৰ নিজস্ব অধিকাৰ৷

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে যদি বিভাগীয় কৰ্তৃপক্ষই এই আবেদন পুনৰ এবাৰ প্ৰেৰণ কৰে, তেন্তে সকলো বিবাদৰ অন্ত পৰিব৷ মুখ্য ন্যায়াধীশগৰাকীয়ে ইন্দিৰা জয় সিংহই কৰা আবেদন অকল্পনীয়, চিন্তাৰ বাহিৰত আৰু অসম্ভৱ বুলি মন্তব্য কৰে৷

উল্লেখ্য যে, ইন্দু মালহোত্ৰা উচ্চতম ন্যায়লয়ত ন্যায়ধীশৰ আসনত বিভূষিত হোৱা দেশৰ প্ৰথমগৰাকী মহিলা অধিবক্তা হ’ব৷ ইফালে ইন্দু মালহোত্ৰাৰ নিযুক্তি স্থগিত ৰখাৰ বাবে কৰা আবেদন সন্দৰ্ভত অধিবক্তা ইন্দিৰা জয় সিংহই কৈছিল, ‘‘আমি প্ৰায় এশ গৰাকী অধিবক্তাই আবেদন দাখিল কৰিছো৷ চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছো৷ চৰকাৰে ন্যায়ধীশ কে এম যোচেফৰ নাম ইন্দু মালহোত্ৰাৰ পৰা পৃথক কৰিছে৷ এয়া চৰকাৰৰ নিয়মৰ বাহিৰত৷ আমি বিচাৰিছো চৰকাৰে লোৱা ইন্দু মালহোত্ৰাৰ নিযুক্তিৰ সিদ্ধান্ত বতিল কৰা হওক৷’’

আনহাতে আদালতত ন্যায়ধীশ নিযুক্তিৰ আবেদনৰ শুনানি গ্ৰহণ কৰি থকাৰ মাজতে ইন্দিৰা জয়সিংহ আৰু মূখ্য ন্যায়াধীশৰ মাজত প্ৰচণ্ড মতভেদ ঘটে৷ মূখ্য ন্যায়াধীশগৰাকীয়ে আদালতৰ মজিয়াত ইন্দিৰা জয়সিংহক উদ্দেশ্যি প্ৰশ্ন কৰে- ‘আপুনি যেতিয়া পুৱাৰ ভাগত কাঠুৱা কাণ্ড সন্দৰ্ভত আদালতত উপস্থিত হৈছিল, তেতিয়া মোৰ ভাৱ হৈছিল যে আপুনি এনে ধৰণৰ গুৰুতৰ বিষয়লৈ উদ্বিগ্ন৷ কিন্তু এতিয়া আপুনি আন এক সমস্যা লৈহে আহিছে৷ আপোনাৰ মাজৰেই এগৰাকী মহিলা আইনজীৱি উচ্চন্যায়ালয়ৰ বিচাৰক হ’ব ওলাইছে৷ এয়া আপুনি হ’ব নিদিবলৈ কিয় বিৰোধিতা কৰি আছে?’ 

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েছনৰ অধিনৰ প্ৰায় ১০০ গৰাকী অধিবক্তাই ইন্দু মালহোত্ৰাৰ নিযুক্তি বাতিলৰ বাবে আবেদন কৰিছল৷ এয়াই নহয়, এই কাৰ্যত এতিয়া কংগ্ৰেছ আৰু বিজপিও মুখামুখি হ’বলগা হৈছে৷ 

উল্লেখ্য যে, ন্যায়াধীশ যোচেফ আৰু মালহোত্ৰাৰ বিশেষ সম্পৰ্কৰ বিষয়ে ২২ জানুৱাৰীত আইন মন্ত্ৰালয়ক উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম এটি ফাইল যোগে অৱগত কৰিছিল৷ ইন্দু মালহোত্ৰাক ন্যায়ধীশ হিচাপে নিযুক্তি প্ৰদানৰ পিছত চৰকাৰে ন্যায়ধীশ কে এম যোচেফৰ পদোন্নতি স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ন্যায়ধীশ যোচেফ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ পদত বৰ্তমানেও কাৰ্যনিৰ্বাহ কৰি আছে৷