ডিজিটেল ডেস্কঃ সাতজনীয়া ন্যায়াধীশৰ বিচাৰপীঠ গঠন কৰি সৰ্বোচ্চ ন্যায়ালয়ত ন্যায়াধীশ কে এম জোচেফ আৰু ইন্দু মালহোত্ৰাৰ নিযুক্তিক চৰকাৰী হস্তক্ষেপৰ কথা উল্লেখ কৰিছিল। বিষয়টো আলোচনা কৰাৰ বাবে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰালৈ ৯ এপ্ৰিলত পত্ৰ লিখিছিল উচ্চতম ন্যায়ালয়ৰ কেইবাগৰাকী ন্যায়াধীশে। পত্ৰখনত চৰকাৰে শক্তিৰ অপব্যৱহাৰ কৰাৰ কথা মুকলিকৈ লিখিছিল ন্যায়াধীশ কুৰিয়ানে।
তাৰ পিছতে উচ্চতম ন্যায়ালয়ে ইন্দু মালহোত্ৰাক উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ ৰূপে নিযুক্তি প্ৰদান প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ কৰা আবেদন খাৰিজ কৰে বৃহস্পতিবাৰে৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয় সিংহই কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে এই আবেদন কোনা জনহিতকৰ নহয়৷ কেন্দ্ৰ চৰকাৰে যদি নিজে এই ক্ষেত্ৰত আহ্বান জনায়, তেন্তে সেয়া চৰকাৰৰ নিজস্ব অধিকাৰ৷