ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে যুদ্ধৰ আখৰাস্থলিত একেলগে দেখা যাব ভাৰত আৰু পাকিস্তানৰ সামৰিক বাহিনীক৷ চাংহাই কৰ্পৰেচন অৰ্গেনাইজেছনে আয়োজন কৰিবলগীয়া এই সামৰিক আখৰাত কেৱল পাকিস্তানে নহয়, চুবুৰীয়া ৰাষ্ট্ৰ ৰঙা চীনকো একেলগে দেখা যাব ভাৰতৰ লগত৷
‘শান্তি অভিযান’ শীৰ্ষক এই সামৰিক আখৰা ছেপ্তেম্বৰ মাহত ৰাছিয়াত অনুষ্ঠিত হ’ব৷ ভালেকেইখন ৰাষ্ট্ৰই সন্মতি দিয়া এই আখৰাই এছিয়াকে ধৰি ইউৰোপৰ কেইবাখনো দেশত শিপাই থকা সন্ত্ৰাসবাদ প্ৰতিৰোধ কৰাৰ প্ৰস্তুতি চলাব৷ অভিযানত ভাৰতৰ অংশগ্ৰহণৰ কথা নিশ্চিত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে৷