62
ডিজিটেল ডেস্কঃ শনিবাৰে নিশা মধ্যপ্ৰদেশৰ ইন্দোৰত এটি চাৰিমহলীয়া হোটেলৰ আট্টালিকা খহি পৰাৰ ফলত ১০গৰাকী লোকৰ মৃত্যু হয়৷ জানিব পৰা মতে, সদা ব্যস্ত এটি বাছ আস্থানত খহি পৰে আট্টালিকাটো৷
বহু পুৰণি আট্টালিকাটো বাণিজ্যিক চহৰ খনৰ অতি ব্যস্ত এলেকাত আছিল৷ নিশা প্ৰায় ৯ বাজি ২০ মিনিটত খহি পৰাৰ লগে লগে তীব্ৰ আতংকই বিৰাজ কৰে অঞ্চলটোত৷