নগাঁওঃ প্ৰতিবছৰে ২৪ জুনৰ দিনটো আহিলেই নগাঁও জিলাবাসীৰ মনত ভাহি উঠে এটি কলংকিত কৰুণ ইতিহাসৰ কথা৷ কোনে পাহৰিব সেনা বাহিনীয়ে সেইদিনটোত সংঘটিত কৰা দানৱীয় ঘটনাৰ কথা৷  সেনা বাহিনীয়ে ২৩ বছৰ পূৰ্বে আজিৰ দিনটোতে পাশৱিক অত্যাচাৰ চলাই ৫ জনকৈ সুন্দৰ-সুঠাম যুৱকক হত্যা কৰাতে ক্ষান্ত নাথাকি মৃতদেহকেইটা ওপৰা-উপৰিকৈ জাপি টায়াৰ আৰু কেৰাচিন ঢালি জ্বলাই দিছিল।

নগাঁওবাসীৰ লগতে সমগ্ৰ অসমৰ প্ৰতিজন অসমীয়াক সেনাই উপহাৰ দিছিল এটা তেজে ধোঁৱা দিন ৷ স্মৰ্তব্য যে ১৯৯৪ চনৰ ২৪ জুনত আলফা দমনৰ নামত সেনা বাহিনীয়ে নগাঁৱৰ পাঁচজনকৈ যুৱকক চৰম বৰ্বতাৰে হত্যা কৰাৰ উপৰি মৃতদেহকেইটা জ্বলাই দিছিল ৷ ঘটনাৰ স্থান আছিল জিলাখনৰ দক্ষিণ-পশ্চিমত অৱস্থিত কাৰ্বি আংলং জিলাৰ চিতলমাৰে নামৰ এখন অতি ভিতৰুৱা গাঁও৷

আলফাৰ প্ৰশিক্ষণৰ বাবে যোৱা এটা ৭ জনীয়া যুৱকৰ দলে ঘটনা সংঘটিত হোৱাৰ দিনা চিতলমাৰী নিৱাসী ৰাম বাহাদুৰ নামৰ ব্যক্তিজনৰ ঘৰত নিশাটোৰ কাৰণে আশ্ৰয় গ্ৰহণ কৰাৰ বিষয়ে গোপন সূত্ৰে জানিব পাৰি আলফাৰ আত্মসমৰ্পণকাৰী গোট এটাৰ সৈতে যোৱা সেনাবাহিনীৰ এটা দলে আটাইকেইজন যুৱককে নিদ্ৰাৰত অৱস্থাত আটক কৰে৷

 পিছত গৃহস্থ বাহাদুৰৰ চোতালতে ছালফা আৰু সেনাৰ জোৱানে যুৱককেইজনক পেলাই লৈ বুট জোটাৰে গচকি বন্দুকৰ কুণ্ডা, কাঠৰ কুণ্ডা,লাঠী আদিৰে কোবাই কোবাই আধামৰা কৰে ৷ এনেদৰে পাশৱিক অত্যাচাৰ চলোৱাৰ পিছত সেনাই যুৱককেইজনক মুমূৰ্ষ অৱস্থাত চোতালৰ পৰা চোঁচৰাই আনি গাড়ীত উঠাই বাহাদুৰৰ ঘৰৰ পৰা কিছু নিলগৰ নিৰ্জন ঠাইলৈ নি ভুৱা সংঘৰ্ষৰ ৰহন সানি নিৰ্মমভাৱে হত্যা কৰে ৷

উল্লেখ্য যে ৭ জনীয়া যুৱকৰ দলটোৰ চকলাঘাটৰ হিৰণ্য বৰুৱা, ৰাইদঙীয়াৰ বিশ্বজিৎ বৰা, হাতীচোঙৰ হেমেন্দ্ৰ নাথ,দলংঘাটৰ ৰাজীৱ বসুমতাৰী আৰু ৰহাৰ পুতুল মেধীক হত্যা কৰাৰ বিপৰীতে কাছমাৰীৰ সুৱৰ্ণ কোঁৱৰ আৰু শেতালীৰ প্ৰদীপ বৰুৱা ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰাৰ পিছত আজিৰ তাৰিখলৈকে সন্ধান নোলাল ৷

উক্ত যুৱকদ্বয়ৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে বহুবাৰ সেনাবাহিনীৰে যোগাযোগ কৰে যদিও সেনাই আশ্চৰ্যজনকভাৱে অজ্ঞতাহে প্ৰকাশ কৰে৷ যিহেতু সেনাই সাতোজন যুৱককে আটক কৰি আনিছিল সেয়ে সাতোজনকে শীতল মস্তিষ্কৰে হত্যা কৰি পিছত ভুৱা সংঘৰ্ষৰ ৰূপটো বিশ্বাসযোগ্য কৰিবৰ বাবে তথা অধিক জনৰোষত পৰাৰ আশংকাতে সু-পৰিকল্পিতভাৱে যুৱকদ্বয়ক সেনাই কৌশলেৰে সন্ধানহীন হোৱা বুলি প্ৰচাৰ চলায় ৷

ইফালে, সেনাই সেইদিনাই ঘৰৰ চোতালতে মৰিয়াই মৰিয়াই নিদাৰুণভাৱে হত্যা কৰিছিল আশ্ৰয়দাতা নিৰপৰাধী ব্যক্তি ৰাম বাহাদুৰক ৷ সেয়াই আছিল আৰম্ভণী। ৷পাঁচজন যুৱকৰ হত্যাযজ্ঞৰ ঘটনাই সমগ্ৰ অসমতে তোলপাৰ লগোৱাৰ পিছত দুবছৰৰ ব্যৱধানত ১৯৯৬ চনৰ ২৪ জুন আৰু ২০০০ চনৰ ২৪ জুনতো চাৰিজনকৈ মুঠ আঠজন আন নগঞা যুৱকক সেনাই হত্যা কৰিছিল৷ পৰিণতিত সৰ্বত্ৰ চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ধিক্কাৰৰ ধ্বনি উঠিছিল৷ ৰাইজ ৰাজপথলৈ ওলাই আহি গঢ়ি তুলিছিল তীব্ৰ প্ৰতিবাদ ৷