Home ৰাজ্যঅভয়াপুৰীত সেনাবাহিনীৰ নিযুক্তি সমাবেশ

অভয়াপুৰীত সেনাবাহিনীৰ নিযুক্তি সমাবেশ

by News Desk
61 views
A+A-
Reset

অভয়াপুৰীঃ মঙলবাৰৰ পৰা অভয়াপুৰীত আৰম্ভ হৈছে নামনিৰ সাতখন জিলাৰ সেনাবাহিনীৰ নিযুক্তি সমাবেশ। গুৱাহাটীৰ নাৰেংগীতস্থিত সেনাবাহিনীত নিযুক্তিৰ বাবে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ অষ্টম অসম স-শস্ত্ৰ আৰক্ষী বাহিনীৰ চৌহদত মঙলবাৰৰ পৰা আৰম্ভ হৈছে নিযুক্তি সমাবেশ।

নামনি অসমৰ চিৰাং, বৰপেটা, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচাৰ জিলা, কোকৰাঝাৰ, গোৱালপাৰা আৰু বঙাইগাঁও জিলাৰ প্ৰাৰ্থী সকলে অংশগ্ৰহণ কৰা এই নিযুক্তি সমাবেশ ৩১অক্টোবৰ পৰ্যন্ত অনুষ্ঠিত হ’ব। ত্ৰিশ আৰু একত্ৰিশ অক্টোবৰত স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত হ’ব। ইতিমধ্যে বিভিন্ন পদৰ বাবে আবেদন কৰা প্ৰায় তিনিসহ্ৰাধিক প্ৰাৰ্থীলৈ প্ৰৱেশ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি সেনাবাহিনীৰ তৰফৰ পৰা জনোৱাৰ লগতে এই নিযুক্তি সমাবেশ নিয়াৰিকৈ পৰিচালনা কৰাত জিলা প্ৰশাসন আৰু মহকুমা প্ৰশাসনে সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0