তেজপুৰঃ দেশ স্বাধীন হোৱাৰ পূৰ্বৰ পৰাই দেশৰ ভূখণ্ডক শত্ৰুৰ পৰা ৰক্ষা কৰি দেশক সেৱা কৰি অহা ভাৰতীয় সেনা বাহিনীৰ ৭৭ মাউণ্ট ডিভিজনে ৭৫ বছৰত ভৰি দিলে৷ পৰাধীন তথা স্বাধীন দেশৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষাৰ উদ্দেশ্যে ১৯৪২ৰ ১০ জুনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গঠন হোৱা ভাৰতীয় সেনা বাহিনীৰ ৭৭ মাউণ্ট ডিভিজনে ৭৫ বছৰত ভৰি দিলে৷
শনিবাৰে তেজপুৰত মহাৰজৎ জয়ন্তীৰ সমাৰোহ অনুষ্ঠিত কৰে ডিভিজনটোৱে৷ তেজপুৰৰ বালিপৰা হাঁহচৰাত অনুষ্ঠিত হয় সেনা বাহিনীৰ ৭৭ মাউণ্ট ডিভিজনৰ মহাৰজৎ জয়ন্তী সমাৰোহ৷ ৭৭ মাউণ্ট ডিভিজন মধ্যপ্ৰদেশত গঠন হোৱা বুলি জানিব পৰা গৈছে৷