প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | ডিজিটেল ডেস্কঃ ক্ষমতাত আহিলে বিদেশৰ পৰা দেশলৈ কলা ধন ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়া নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ কাৰ্যকালতে দেশৰ পৰা বৃহৎ সংখ্যাক ধন বিদেশত জমা হৈছে৷

কলা ধন দেশলৈ আনিম বুলি বৰ বৰ প্ৰতিশ্ৰুতি দিয়া মোডীৰ কাৰ্যকালতে টকা ঘুৰাই অনা দুৰৰ কথা চুইজ বেংকত ভাৰতীয় টকা জমা কৰাৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি হৈছে৷ চুইজ বেংকে এক প্ৰতিবেদনত ভাৰতীয় টকা বিগত বছৰত ৫০ শতাংশ জমা বৃদ্ধি হৈছে বুলি কয়৷

প্ৰতিবেদন মতে, ২০১৭ চনত ভাৰতীয় টকা জমা কৰাৰ পৰিমাণ ৫০ শতাংশ বৃদ্ধি হৈ ১.০১ বিলিয়ন চুইজ ফ্ৰাঁ হয়৷ ভাৰতীয় টকাৰ হিচাপত এই টকাৰ পৰিমাণ ৭ হাজাৰ কোটি টকাতকৈও অধিক৷ তাৰ পূৰ্বৰ তিনি বছৰত ভাৰতীয় টকাৰ জমাৰ পৰিমাণ কম আছিল৷

চুইচ ৰাষ্ট্ৰীয় বেংক চমুকৈ এছএনবিৰ কেন্দ্ৰীয় বেংকিং কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য মতে, বিগত বছৰ সমূহতকৈ বিদেশী টকাৰ জমা কৰাৰ পৰিমাণ ৩ শতাংশ বৃদ্ধি হৈছে৷ ১.৪৬ ট্ৰিলিয়ন চুইচ ফ্ৰাঁ জমা হৈছে৷ ভাৰতীয় টকাৰ হিচাপত ১লাখ কোটি টকা৷

২০১৬ চনত ভাৰতীয়ই টকা জমা কৰাৰ পৰিমাণ ৪৫ শতাংশ কমিছিল৷ ২০০৬ চনত সকলোতকৈ বেছি টকা চুইচ বেংকত ভাৰতীয়ৰ জমা হৈছিল৷ কিন্তু সকলো ৰেকৰ্ড ভংগ কৰি ২০১৭ চনত মোডীৰ কাৰ্যকালত ৭হাজাৰ কোটি টকা ভাৰতীয়ই জমা কৰে চুইচ বেংকত৷ এতিয়া প্ৰশ্ন হয় এই টকা কাৰ? কোনে জমা কৰিলে এই টকা৷ দেশৰ ৰাজকোষ ৰক্ষা কৰাৰ বাবে চকীদাৰ হ’বলৈ সাজু হোৱা মোডীৰ দিনত কেনেকৈ ইমান টকা বিদেশী বেংকত ভাৰতীয়ই জমা কৰিলে সেয়াহে চিন্তাৰ বিষয়৷