নতুন দিল্লীঃ দেশ এৰিছে ভাৰতীয়ই। চৰকাৰী তথ্যত দেশৰ অৰ্থনীতি উৰ্ধমুখী হৈছে বুলি দাবী কৰা হৈছে যদিও ভাৰতীয়ৰ বৰ্ধিত বহিৰ্গমনে আন এক ছবিহে দাঙি ধৰিছে।

ইণ্ডিয়া স্পেড এনালাইছিছ অব ডাটা ফ্ৰ’ম দ্য ইউনাইটেড নেচন ডিপাৰ্টমেন্ট অফ ইক’নমিক এফেয়াৰ্ছ নামৰ সংস্থাটোৱে কৰা এক অধ্যয়নত ভাৰতৰ অৰ্থনৈতি ভাল হৈছে যদিও ২০১৭ চনৰ ভিতৰত প্ৰায় ১৭ লাখ ভাৰতীয়ই দেশ এৰি বিদেশলৈ গুচি যোৱা বুলি কয়৷

ভাৰতীয় লোকে বিদেশলৈ যোৱাৰপৰা দেশত আৰ্থিক দিশত প্ৰভাৱ পৰিছে৷ বিদেশলৈ যোৱাৰপৰাই দেশত প্ৰতিজন এনে ব্যক্তিৰ আয়ৰ পৰিমাণ ৫২২ শতাংশলৈ বৃদ্ধি পোৱাৰ লগে লগেই দেশীয় অৰ্থনৈতিক বছৰেকীয়া আয় ১,১৩৪ লাখৰ পৰা ৭,০৫৫ লাখলৈ বৃদ্ধি পাইছে৷

উল্লেখযোগ্য যে, ২০১১ চনৰ ভিতৰত দেশত ৬৩৭,০০০ আৰু ২০১৭ চনৰ ভিতৰত ৩৯১,০০০ ভাৰতীয় লোকে দেশ এৰি বিদেশত স্থায়ীভাৱে বাস কৰিবলৈ লয়৷ তিনি দশক (১৯৯০-২০১৭)ৰপৰা বিদেশত দেশীয় লোকৰ সংখ্যা ২৭৩৮ ৰপৰা ৮২,৬৬৯ তিনিগুণকৈ বৃদ্ধি পাবলৈ ধৰে৷ কেৱল এখন দেশতেই নহয়, আন কেইবাখনো বিদেশী ৰাষ্ট্ৰত ভাৰতীয় লোকৰ জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷

অ’মানত ১৯৯০-২০১৭ চনৰ ভিতৰত ৬৮৮ শতাংশ, সংযুক্ত আৰৱ অমীৰত ৬২২, চৌদি আৰৱত ১১০, কুৱেটত ৭৮ শতাংশ ভাৰতীয় লোকৰ সংখ্যা পাইছে৷ আনহাতে নেডাৰলেণ্ডছত ৬৬, নৰৱেত ৫৬ আৰু ছুইডেনত ৪২ শতাংশ ভাৰতীয়লোকৰ জনসংখ্যা বৃদ্ধি পাইছে৷

কিয়নো এই দেশবোৰে সুযোগ-সুবিধা দিয়াৰ লগতে নিয়োগৰ ক্ষেত্ৰতো সুবিধা দিয়ে৷ জাৰ্মানীত বিশ্ববিদ্যালয়ে আগবঢ়োৱা বিনামূলীয়া শিক্ষা ব্যৱস্থাৰ লগতে চাকৰিত নিয়োজিত কৰাৰ বিষয়েও নিশ্চিত কৰে৷ ফলত বিহাৰ, তামিলনাডু আৰু কেৰেলাৰ দৰে ৰাজ্যৰপৰা মানুহে পলায়ন কৰে বিদেশলৈ৷ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সা-সুবিধা দিব নোৱাৰাৰ ফলত দেশত নিৱনুৱাৰ সমস্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ ফলত দেশৰ অৰ্থনৈতিক দিশত অগ্ৰসৰ হৈ মাহে ১,৩০০,০০০ লাখলৈ নিৱনুৱাৰ সংখ্যা বৃদ্ধি পাইছে৷