66
নতুন দিল্লীঃ দেশ এৰিছে ভাৰতীয়ই। চৰকাৰী তথ্যত দেশৰ অৰ্থনীতি উৰ্ধমুখী হৈছে বুলি দাবী কৰা হৈছে যদিও ভাৰতীয়ৰ বৰ্ধিত বহিৰ্গমনে আন এক ছবিহে দাঙি ধৰিছে।
ইণ্ডিয়া স্পেড এনালাইছিছ অব ডাটা ফ্ৰ’ম দ্য ইউনাইটেড নেচন ডিপাৰ্টমেন্ট অফ ইক’নমিক এফেয়াৰ্ছ নামৰ সংস্থাটোৱে কৰা এক অধ্যয়নত ভাৰতৰ অৰ্থনৈতি ভাল হৈছে যদিও ২০১৭ চনৰ ভিতৰত প্ৰায় ১৭ লাখ ভাৰতীয়ই দেশ এৰি বিদেশলৈ গুচি যোৱা বুলি কয়৷