ডিজিটেল ডেস্কঃ পাকিস্তানৰ ৩০টাকৈ চৰকাৰী ৱেবছাইটত ছাৰ্জিকেল ষ্ট্ৰাইক চলালে ভাৰতীয় হেকাৰে। প্ৰাক্তন নৌসেনা বিষয়া কুলভূষণ যাদৱক ‘ভুৱা অভিযোগত, ভুৱা গোচৰত’ মৃত্যুদণ্ড দিয়াৰ প্ৰতিশোধ হিচাপে এই হেকিং কৰা হৈছে বুলি জনাইছে লুলজছেক ইণ্ডিয়া নামৰ হেকাৰ গোষ্ঠাটোৱে।
হেকিঙৰ ফলত চুবুৰীয়া দেশখনৰ ৩০টাকৈ গুৰুত্বপূৰ্ণ ৱেবছাইট সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। প্ৰত্যেকটো ৱেবছাইটত এতিয়া কেৱল ৩ টা বাক্যই জিলিকি থাকে। সেয়া হৈছে- ‘কুলভূষণ যাদৱৰ বিৰুদ্ধে উত্থাপন কৰা সমস্ত অভিযোগ ভুৱা, কাল্পনিক আৰু উদ্দেশ্যপ্ৰণোদিত। তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ কোনো প্ৰমাণ পাকিস্তানৰ ওচৰত নাই। এয়া শীতল মস্তিষ্কৰ এক পৰিকল্পিত হত্যাকাণ্ড।’’