ডিজিটেল ডেস্কঃ আমেৰিকাত নিখোজ এগৰাকী ভাৰতীয় শিশু কন্যাৰ মৃতদেহ উদ্ধাৰ হয়৷ আমেৰিকাৰ ডালাচেৰ ৰিচাৰ্চন এলেকাৰ পৰা যোৱা ৭ অক্টোবৰৰ নিশা নিৰুদ্দেশ হৈছিল  শ্যেৰেন মেথ্যউচ নামৰ কন্যা শিশুটো৷ তিনিবছৰীয়া কন্যা শিশুটোৰ মৃতদেহটো নিজ ঘৰৰ পৰা প্ৰায় ১ কিঃ মিঃ দুৰত্বত উদ্ধাৰ হয়৷

৭ অক্টোবৰৰ নিশা প্ৰায় তিনি বজাৰ পৰা নিখোজ হয়৷ জানিব পৰা মতে, কেৰালাৰ বাসিন্দা ওৱ্যেলস মেথ্যউচে ভাৰতৰ এখন অনাথ আশ্ৰমৰ পৰা শ্যেৰেন নামৰ তিনি বছৰীয়া কন্যাগৰাকীক পোহপাল কৰাৰ বাবে লৈ গৈছিল৷ ভালদৰে কথা কব নোৱাৰা শ্যেৰেনক শাস্তি দিয়াৰ বাবে ৭ অক্টোবৰৰ নিশা ঘৰৰ পৰা বাহিৰত উলিযায় থয় ওৱ্যেলস মেথ্যউচে৷

পোন্ধৰ মিনিট পিছত ঘৰৰ ভিতৰলৈ আনিবলৈ গৈ ওৱ্যেলস মেথ্যউচে বিছাৰি নাপায় তিনিবছৰীয়া শ্যেৰেনক৷ কিন্তু নিশা আৰক্ষীৰ ওচৰলৈ নগৈ ঘৰতে থাকে ওৱ্যেলস মেথ্যউচ৷ ৫ ঘন্টাৰ পিছত হে আৰক্ষীৰ ওচৰত নিৰুদ্দেশ সন্দৰ্ভত গোচৰ ৰুজু কৰে ওৱ্যেলস মেথ্যউচে৷ যোৱা দেওবাৰে আমেৰিকাৰ আৰক্ষীয়ে কুকুৰৰ সহযোগত পথৰ দাতিৰ পৰা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ওৱ্যেলস মেথ্যউচক গ্ৰেপ্তাৰ কৰে৷