ডিজিটেল ডেস্কঃ এটি ভাষাই এটি জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে। ভাষা অবিহনে যেন আধৰুৱা একো একোটা জাতি-জনগোষ্ঠী৷ ভাষাৰ গইনা লৈ জাতিটোৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰা গঢ় লৈ উঠে৷ যদি ভাষাটোৱেই নাথাকে জাতি-জনগোষ্ঠীৰ চিন থাকিব ক’ত৷ এটি ভাষাৰ মুত্যু মানে সাহিত্য-সংস্কৃতিৰ মৃত্যু। ভাষাৰ যদি অপমৃত্যু হয় তেন্তে সেয়া সমাজৰ বাবে চিন্তাৰ হৈ পৰে৷
মাত্ৰ কেইহাজাৰ মান লোকে কোৱা দেশৰ কেইবাটাও ভাষা বিলুপ্ত হোৱাৰ দিশে আগবঢ়া বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে এটি প্ৰতিবেদন৷ জনসংখ্যা গণনা নিৰ্দেশালয়ৰ এটি পিয়লত এই কথা ওলাই পৰে৷ দেশত ২২টা অনুসূচিত আৰু ১০০টা অন্যান্য ভাষা আছে।