106
ডিজিটেল ডেস্কঃ আপুনি যদি ৰেলত ভ্ৰমণ কৰে, তেন্তে খোৱা বস্তুৰ বাবে ৰেল বিভাগে যোগান ধৰা সেৱাৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল। কিয়নো ৰেল বিভাগে যোগান ধৰা খাদ্য খোৱাৰ অনুপযোগী। এই তথ্য প্ৰকাশ পাইছে কেগৰ প্ৰতিবেদনত।
শুকুৰবাৰে প্ৰকাশিত এই বিস্ফোৰক তথ্য অনুযায়ী অস্বাস্থ্যকৰ ৰেলবিভাগে যোগান ধৰা খাদ্য। কিয়নো মোদীৰ স্বচ্ছ ভাৰতত ৰেল বিভাগতে নাই চাফ-চিকুণতা। অস্বাস্থ্যকৰ পৰিৱেশতে প্ৰস্তুত আৰু মজুত কৰা এই খাদ্য মানুহে খাব নোৱাৰে।