72
এৰবিলঃ নৃশংস সন্ত্ৰাসবাদী সংগঠন আইছিছে দখল কৰা ইৰাণৰ এৰবিলৰ পৰা স্বদেশলৈ উভতি আহিবলৈ সক্ষম হ’ল ৩৩ জনকৈ ভাৰতীয়৷ আজি ইন্দিৰা গান্ধী বিমানবন্দৰত অৱতৰণ কৰে এইসকল ভাৰতীয়ই। ৰাজ্যিক চৰকাৰ আৰু ভাৰত চৰকাৰৰ যৌথ প্ৰচেষ্টাত উদ্ধাৰ হয় এইসকল ভাৰতীয় নাগৰিক।
ইয়াৰে ৩২ জন তেলেংগানাৰ আৰু ১ জন অন্ধ্ৰ প্ৰদেশৰ৷ ইৰাকত চাকৰি দিয়াৰ প্ৰলোভনেৰে এই লোকসকলক ইৰাণলৈ নিয়া হৈছিল বুলি উল্লেখ কৰিছে আৰক্ষীয়ে।