ডিজিটেল ডেস্কঃ সদ্যঘোষিত টাইমচ হায়াৰ এডুকেশ্বন ৰেংকিং ফৰ এছিয়ান ইউনিভাৰ্ছিটিজ ২০১৮ ৰ তালিকাত ভাৰতৰ ভালেমান আগশাৰীৰ প্ৰতিস্থান যেনে আইআইটি, আইআইএছচি আদি পিছ পৰিছে৷ ৪২ খন বিশ্ববিদ্যালয়েৰ স্থান দখলেৰে অগ্ৰগতি লাভ কৰা দেশখনৰ ভালেমান আগশাৰীৰ প্ৰতিষ্ঠান পিছ পৰি আছে৷ 

তালিকাখনত নেশ্যনেল ইউনিভাৰ্ছিটি অব ছিংগাপুৰে ১৬ বৰ্ষৰে পৰাই শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ভাৰতৰ ভালেকেইখন মুধাফুটা অনুষ্ঠানৰ নাম তালিকাত পিছ পৰিছে৷ তালিকাত স্থানৰ অৱনতি ঘটা প্ৰতিষ্ঠানৰ ভিতৰত আছে বাংগালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্স, ইণ্ডিয়ান ইনষ্টিটিউট অব টেকনলজি (বম্বে)৷ 

আকৌ অৱনমনৰ তালিকাত অভিলেখ সৃষ্টি কৰি ৪১ টা স্থান পিছ পৰি ১০৩ স্থানত ৰৈছে আইআইটি মাদ্ৰাছ৷  নতুনকৈ গঢ় লৈ উঠা অনুষ্ঠান ইণ্ডিয়ান স্কুল অব মাইনচে ১৪১ স্থান দখল কৰিছে। তাৰ বিপৰীতে বানাৰস হিন্দু বিশ্ববিদ্যালয়ে ১৯৪ স্থান দখল কৰিছে।  

 

Courtesy: http://www.business-standard.com