কোকৰাঝাৰঃ সীমান্ত চেতনা মঞ্চ, পূৰ্বত্তোৰৰ উদ্যোগত অহা ৮ আৰু ৯ ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব ভাৰত -ভূটান সীমান্তক লৈ সীমা চিন্তন বৈঠক। এই বৈঠকত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিত। 

আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত  এক সংবাদমেলত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ, অসমৰ সভাপতি ড: কমলা কান্ত চহৰীয়াই উক্ত কথা সদৰী কৰি কয় যে বিটিচি চৰকাৰৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া সীমা চিন্তন বৈঠক কোকৰাঝাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব আৰু ৮ ফেব্ৰুৱাৰীৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী , আৰএছএছৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক উল্লাষ কুলকাৰ্ণীও অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

সংবাদমেলত ড: কমলা কান্ত চহৰীয়াই কয় যে অান্ত:ৰাষ্ট্ৰীয় সীমা হ'ল দুয়োখন দেশৰ সম্পদ আৰু সেয়েহে দুয়োখন দেশে সমভাৱে আৰু শান্তিপূৰ্ণভাৱে একেলগে উন্নতিৰ দিশত আগবাঢ়িব লাগে । চিন্তন বৈঠকৰ মূল উদ্দেশ্যই হ'ল ভাতৃত্ববোধ, বন্ধুত্ব, শান্তি, প্ৰেম, দেশপ্ৰেম, ৰাষ্ট্ৰীয়তা আৰু বুজাবুজিৰ মূল্যাংকনৰ আধাৰত এক স্থিৰ মঞ্চ গঠন কৰা বুলি উল্লেখ কৰি চহৰীয়াই সীমান্ত চেতনা মঞ্চৰ মূল তিনিটা উদ্দেশ্য ক্ৰমে আন্ত:ৰাষ্ট্ৰীয় সীমা সুৰক্ষাত সহায় কৰা, সাধাৰণ জনতাক অান্ত:ৰাষ্ট্ৰীয় সীমা সম্বন্ধীয় বিষয়ৰ ওপৰত সজাগতা অনা আৰু সকলো ধৰণৰ প্ৰকল্প সীমান্ত অঞ্চলত ৰূপায়ণ কৰাৰ বিষয়েও সংবাদমেলত সদৰী কৰে।

আনহাতে সামৰণি অনুষ্ঠানত অৰ্থাৎ ৮ ফেব্ৰুৱাৰীত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দত্ত , বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীৰ উপৰিও বহু মন্ত্ৰী-বিধায়কে অংশগ্ৰহণ কৰাৰ লগতে সীমান্ত চেতনা মঞ্চৰ কেবাশতাধিক সদস্য, বুদ্ধিজীৱিয়ে অংশগ্ৰহণ  কৰিব বুলিও সদৰী কৰিছে ড: কমলা কান্ত চহৰীয়াই ।

উল্লেখ্য যে ভাৰত-ভূটান সীমান্ত অঞ্চলৰ মুঠ দৈৰ্ঘ হ'ল ৬৯৯ কিলোমিটাৰ, ইয়াৰে ২৬৭ কিলোমিটাৰ অসম, ২১৭ কিলোমিটাৰ অৰুণাচল প্ৰদেশ, ১৮৩ কিলোমিটাৰ পশ্চিমবঙ্গ আৰু ৩২ কিলোমিটাৰ ছিকিম ৰাজ্যৰ অন্তৰ্ভূক্ত। সংবাদমেলত  আয়োজক সমিতিৰ সভাপতি অজান মহন্ত, সম্পাদক দিগম্বৰ সেনগুপ্তা , ৰিদিপ ডেকা, বিজয়া ৰাণী থাপাকে ধৰি ভালেকেইগৰাকী কৰ্ম-কৰ্তা উপস্থিত থাকে ।