কোকৰাঝাৰঃ সীমান্ত চেতনা মঞ্চ, পূৰ্বত্তোৰৰ উদ্যোগত অহা ৮ আৰু ৯ ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ভাৰত -ভূটান সীমান্তক লৈ সীমা চিন্তন বৈঠক। এই বৈঠকত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিত।
আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ, অসমৰ সভাপতি ড: কমলা কান্ত চহৰীয়াই উক্ত কথা সদৰী কৰি কয় যে বিটিচি চৰকাৰৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া সীমা চিন্তন বৈঠক কোকৰাঝাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব আৰু ৮ ফেব্ৰুৱাৰীৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী , আৰএছএছৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক উল্লাষ কুলকাৰ্ণীও অতিথি হিচাপে অংশগ্ৰহণ কৰিব।