newsnextone.com | ডিজিটেল ডেস্কঃ মোডী চৰকাৰে ঘোষণা কৰিলে স্বচ্ছ ভাৰত ২০১৮ৰ ৰেংকিঙ৷ এই ৰেংকিঙত দেশৰ মেট্ৰ’পলিটান চহৰ সমূহক পিছ পেলাই মধ্য প্ৰদেশৰ ইন্দোৰ চহৰে দ্বিতীয়বাৰৰ বাবে শীৰ্ষতাৰ খিতাপ দখল কৰে৷ স্বচ্ছতাৰ ৰেংকিঙত ইন্দোৰৰ পিছতে স্থান দখল কৰে ভূপাল আৰু চণ্ডীগড়ে৷

কেন্দ্ৰীয় গৃহ আৰু নগৰ মন্ত্ৰালয়ে সমগ্ৰ দেশত স্বচ্ছতাৰ নিৰীক্ষণ কৰিছিল৷ অই নিৰীক্ষণত ফাদিল হোৱা তথ্য অনুযায়ী দেশৰ ২৫ খন লেতেৰা চহৰৰ ভিতৰত ১৯ খন চহৰেই পশ্চিম বংগৰ অন্তৰ্গত বুলি জানিব পৰা গৈছে৷ স্বচ্ছতা পৰ্যবেক্ষণৰ ভিত্তিত ৰাজ্যৰ ভিতৰত ঝাৰখণ্ড প্ৰথম, মহাৰাষ্ট্ৰ দ্বিতীয় আৰু চত্তীশগড় তৃতীয় স্থানত আছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে ইন্দোৰত আয়োজিত এক অনুষ্ঠানত স্বচ্ছ ভাৰত ৰেংকিঙ ২০১৮ বঁটা প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চহৰৰ চাফ-চিকুণতা আৰু স্বচ্ছতা সম্বন্ধিত বিভাগসমূহৰ প্ৰচেষ্টাৰো প্ৰশংসা কৰে৷ স্বচ্ছতা পৰ্যবেক্ষণৰ ভিত্তিত ৬ স্কেল পেৰামিটাৰৰ দ্বাৰা চহৰ সমূহৰ ৰেংকিং বা স্থান নিৰ্ধাৰণ কৰা হয়৷ ইয়াৰ ভিতৰত শুকাণ আৰু জুলীয়া জাৱৰৰ নিস্কাষণৰ ব্যৱস্থা, প্ৰচেছিং, ডিছপ’জেল, শ্বেনিটেশ্বন, ইন’বেশ্বনৰ প্ৰক্ৰিয়াও অন্তৰ্ভূক্ত হৈ আছে৷

গ্ৰেটাৰ চেন্নাই কৰ্পৰেছনে এই স্বচ্ছ ভাৰত ৰেংকিঙত ১০০ সংখ্যক স্থান দখল কৰে৷ তামিলনাডুৰ ৪ চহৰ কোয়ন্বটুৰ, ত্ৰিচী, ইৰোড আৰু চেন্নাইয়ে তালিকাৰ শীৰ্ষ ১০০ স্থানৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয়৷

ইফালে, ৰাজধানী দিল্লীৰ দক্ষিণ দিল্লী আৰু কেন্টোনমেন্ট এৰিয়াই নিজৰ প্ৰদৰ্শনত পূৰ্বৰ তুলনাত উন্নতি কৰিছে৷ দক্ষিণ দিল্লীৰ পৌৰনিগমে নিজৰ প্ৰদৰ্শন উন্নত কৰি পূৰ্বৰ ২০২ স্থানত পৰা ৩২ সংখ্যক স্থানলৈ উন্নীত হৈছে৷ উত্তৰ দিল্লী পৌৰ নিগমে ৰেংকিঙ তালিকাৰ পূৰ্বৰ ২৭৯ স্থানৰ পৰা ২০৬ স্থানলৈ উন্নীত হয়৷ পূৱ দিল্লী পৌৰ নিগমৰ স্থান সখ্যা হৈছে ৩৪১৷ 

দক্ষিণ দিল্লীৰ মেয়ৰ নৰেন্দ্ৰ চাওলাই নিগম খনৰ ৰেংক উন্নয়ন ঘটাক লৈ কয় যে ৰেংকত পূৰ্বৰ তুলনাত এইবাৰ ভাল প্ৰদৰ্শন কৰাৰ কাৰণ কেইবাটাও আছে৷ 

তেওঁ কয়, ‘আমি ১৬৪ টা এলেকা টয়লেট আৰু ৩৪ টা ৰাজহুৱা টয়লেট নিৰ্মাণ কৰিছো৷ তদুপৰি হোটেল আৰু ৰেষ্টুৰেন্টত বিনামূলীয়া শৌচাগাৰ ব্যৱহাৰৰ নীতি অৱলম্বন কৰিছো৷ জাৱৰ, প্লাষ্টিক জাতীয় সামগ্ৰী আদি নিস্কাষণৰ ব্যৱস্থা কৰিছো৷ যাৰ ফলত পূৰ্বতকৈ এইবাৰ আমি ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছো৷’