২০১৫ চনৰ আগষ্ট মাহতেই আৰম্ভ হৈছিল এই কাহিনী৷ ঘটনাৰ প্ৰায় ৯ বছৰ সম্পূৰ্ণ হৈছে৷ সেই সময়ত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল বিশেষ ঘটনাটোৱে৷ এগৰাকী মাতৃক সেইদিনা সমগ্ৰ দেশৰ জনতাই ঘৃণা কৰিছিল৷ দেশে ঘৃণা কৰা সেই নাৰী আন কোনো নহয়, তেওঁ হৈছে ইন্দ্ৰাণী মুখাৰ্জী৷ এইবাৰ আকৌ এবাৰ দেশজুৰি চৰ্চালৈ আহিছে শ্বিনা বৰাৰ আন এক কাহিনী। চিবিআইৰ তৰফৰ আদালতক জনোৱা হৈছে যে, শ্বিনাৰ দেহৰ অৱশিষ্ট অংশকো নেৰিলে মাষ্টাৰ মাইণ্ড দলে।
শ্বিনাৰ বুলি সন্দেহ কৰা দুপেকেট কংকাল তেওঁলোকে তদন্তৰ সময়ত উদ্ধাৰ কৰিছিল। সেই কংকাল এতিয়া নাইকিয়া হৈ পৰিছে। কোনে, ক’ত, কেনেকৈ নোহোৱা কৰি দিলে শ্বিনাৰ বুলি সন্দেহ কৰা কংকালৰ পেকেটটো?