37
ডিজিটেল ডেস্কঃ গৰ্ভজাত সন্তানৰ হত্যাৰ অভিযোগত বন্দীশালত দিন কটোৱা ইন্দ্ৰাণী মুখাৰ্জীয়ে এইবাৰ লৈছে আন্দোলনকাৰীৰ ৰূপ। কন্যাহন্তা মহিলাগৰাকী এতিয়া আছে মুম্বাইৰ বাইকুল্লা কাৰাগাৰত।
একালৰ ভাৰতীয় টেলিভিছন জগতৰ অখণ্ড প্ৰতাপী মহিলাগৰাকী এতিয়া হৈ পৰিছে কয়দী সংগ্ৰামৰ নেত্ৰী।
তথ্য অনুসৰি শেহতীয়াকৈ কাৰাগাৰ কৰ্তৃপক্ষৰ প্ৰহাৰত প্ৰাণ হেৰুৱাইছিল এগৰাকী বন্দী মহিলাই। অৱশ্যে এই ঘটনাক অপপ্ৰচাৰ আখ্যা দিছে বাইকুল্লাৰ কৰ্তৃপক্ষই।