নতুন দিল্লীঃ ডিজিটেল দুনীয়াখনত দপদপাই থকা বিশ্বমানৰ কণৰ্ধাৰ ইনফ'চিচ লিমিটেডৰ প্ৰতিস্থাপক আৰু ব’ৰ্ডৰ মাজৰ মতানৈক্যৰ ওৰ পৰা নাই৷  ভাৰতৰ তথ্যপ্ৰযুক্তিৰ সেৱাখণ্ডৰ সিংহভাগ অধিকাৰ কৰি থকা কৰ্প’ৰেশ্যনটোৰ মুখ্য কাৰ্যবাহী বিষয়া বিশাল চিক্কাৰ পেকেজ ব’ৰ্ড অব ডিৰেক্টৰে ৫০ শতাংশলৈ বৃদ্ধি কৰাকলৈ ইনফচিচৰ সহ-প্ৰতিস্থাপক তথা প্ৰাক্তন অধক্ষ্য এন আৰ নাৰায়নমুৰ্ত্তিয়ে অসন্তুষ্টি ব্যক্ত কৰাৰ পৰাই বিষয়টো চৰ্চিত হৈ আহিছে৷

কৰ্প’ৰেটটোৰ ব’ৰ্ডে প্ৰশাসনৰ দিশত অৱহেলা কৰাৰ ওজৰ-আপত্তিৰ মাজতে চিক্কাৰ পেকেজ অভাৱনীয় হাৰত বৃদ্ধি কৰা আৰু মুখ্য বিত্তীয় বিষয়া বিশাল বষ্ণলৰ ৰেভাৰেন্স পেকেজত ২৩.০২ কোটি টকা দিয়াৰ আঁৰৰ ৰহস্য কি থাকিব পাৰে তাক লৈ কৰ্মচাৰীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হোৱা বুলি নাৰায়নমুৰ্ত্তিয়ে ব্যক্ত কৰে৷ ব’ৰ্ডৰ সদস্যসকলক এইক্ষেত্ৰত পুনৰ বিবেচনাৰ বাবে আহ্বান জনাই মুৰ্ত্তিয়ে কয় যে ভাল মানুহেও কেতিয়াবা ভূল কৰিব পাৰে৷ ইনফচিচৰ কৰ্প’ৰেট প্ৰশাসনলৈ আঙুলি টোৱাই মুৰ্ত্তিয়ে কয় যে ভাল নেতৃত্বৰ বাবে প্ৰতিজন অংশীদাৰীৰে কথা শুনাটো জৰুৰী৷ 

দেশখনৰ দ্বিতীয় বৃহৎ চফটৱেৰ কোম্পানী ইনফচিচৰ মুখ্য কাৰ্যবাহী বিষয়া চিক্কাই ২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰি দুটা বছৰৰ কাৰ্যকালতে ৫০ শতাংশ দৰমহা বৃদ্ধি কৰা আৰু কোম্পানীটোৰ এগজিকিউটিভ পেকেজক লৈ প্ৰতিস্থাপকত্ৰয় নাৰায়নমুৰ্ত্তি, ক্ৰিচ গোপালকৃষ্ণন আৰু নন্দন নিলকানিয়ে বিৰোধীতা কৰে যদিও একে সময়তে কোম্পানীটোৰ অধক্ষ্য আৰ চেচাছায়ীয়ে বিপৰীতধৰ্মী কথাহে বিবৃত্তিযোগে প্ৰকাশ কৰাত বিষয়টো অস্পষ্ট হৈ পৰিছে৷

যোৱা সপ্তাহত প্ৰকাশিত বিবৃতিটোত কোৱা হৈছে যে কোম্পানীটোৰ সকলো সিদ্ধান্ত সংশ্লিষ্ট অংশীদাৰসকলৰ সমৰ্থন সাপেক্ষেহে লোৱা হৈছে৷ ইফালে অংশীদাৰ আৰু ব’ৰ্ডৰ সদস্যসকলৰ মাজত অধ্যক্ষগৰাকীয়ে যোগাযোগ ইচ্ছাকৃতভাৱে কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ পদত্যাগৰ বাবে দাবী উত্থাপন কৰিছে প্ৰাক্তন মুখ্য বিত্তীয় পৰামৰ্শদাতা ভি বালকৃষ্ণনে৷ এনেদৰে কোনো কাৰণতে কোম্পানীৰ প্ৰশাসনক লৈ সন্তুষ্ট হ’ব পৰা নাই নাৰায়নমুৰ্ত্তি৷ খামখেয়ালিৰ বাবে দায়ীজন জবাবদিহি হ’ব লাগিব বুলিও মুৰ্ত্তিয়ে মন্তব্য কৰিছে৷