প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | গুৱহাটীঃ উজনিত আজিও অব্যাহত আছে সেনাৰ সন্ত্ৰাস৷ উজনিৰ তিনিচুকীয়া জিলাৰ বহু নিৰীহ লোকে সময়ে সময়ে সেনাৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে৷ নিজ পৰিয়াল এৰি সেনাৰ ভয়ত বহু লোকে আন ঠাইত লুকাই থাকিবলগীয়া হয়৷ তেনে এক ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কৰ সৈতে৷ 

যোৱা মঙলবাৰে গুৱাহাটীস্থিত ব্যক্তিগত খণ্ডৰ সংবাদ প্ৰতিষ্ঠান প্ৰতিদিন টাইমৰ কাৰ্যালয়ত উপস্থিত হৈ তিনিচুকীয়া জিলাৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক সেনাই হাৰাশাস্তি কৰাৰ কথা অসমৰ ৰাইজক অৱগত কৰে৷ তৰুণ মৰাণ নামৰ লোকজনে চকুলো টুকি তেওঁৰ সাতে সংঘটিত ঘটনাৰ বৰ্ণনা দিয়ে। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাই শান্তি নগৰৰ বাসিন্দা তৰুণ মৰাণৰ ঘৰত যোৱা ২০ জুনৰ নিশা সেনাৰ এটা দলে আলফাৰ সতে জড়িত থকাৰ সন্দেহত অভিযান চলায়৷ 

প্ৰথমতে গাঁৱৰ লোকক সাক্ষী হিচাপে লৈ সেনাই চলোৱা অভিযানক তৰুণ মৰাণৰ ঘৰত কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰিব নোৱাৰি অহা বাটে উভটি যায়৷ তাৰ প্ৰায় আধা ঘন্টা পাছতে পুনৰাই সেনাৰ দলটো তৰুণ মৰাণৰ ঘৰলৈ আহে আৰু ঘৰৰ পিছফালৰ পৰা এটা পিষ্টল আৰু ৬ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে৷ 

সেই সময়ত সেনাই লগত লৈ অহা নাছিল কোনো সাক্ষী৷ পিষ্টল উদ্ধাৰ কৰাৰ পিছতেই তৰুণ মৰাণক অবাঞ্চিত প্ৰশ্ন তথা মানসিক নিৰ্যাতন চলায় সেনাই৷ প্ৰথম অৱস্থাত তিনিজন মানুহক সাক্ষী হিচাপে লৈ সন্দেহজনক ভাৱে তালাচী চলাই একো নাপাল যদিও আধা ঘন্টা পিছত কেনেদৰে পিষ্টল উদ্ধাৰ হ’ল তাকে লৈ উত্থাপন হৈছে প্ৰশ্ন৷ 

এতিয়া তৰুণ মৰাণ সেনাৰ গুলীৰ ভয়ত পলাই ফুৰিবলগীয়া হৈছে৷ যোৱা কেইবাটাও দিন গুৱাহাটীত আত্মগোপন কৰি থাকি অৱশেষত মঙলবাৰে প্ৰতিদিন টাইমৰ কাৰ্যালয়লৈ আহি নিজৰ জীৱনৰ সৈতে সংঘটিত হোৱা ভয়াবহ ছৱিখনৰ কথা অসমৰ ৰাইজক অৱগত কৰে৷ 

যেনেদৰে পিষ্টল উদ্ধাৰৰ নাটক কৰা হ’ল, তেনেদৰে গ্ৰেনেড উদ্ধাৰৰ নাটক কৰি সেনাই তেওঁক হত্যা কৰিব বুলিও সন্দেহ কৰি প্ৰতিদিন টাইমৰ কাৰ্যালয়ত চকুলো টুকে তৰুণ মৰাণে৷ 

তেওঁ কয় যে, সিহঁতে মোক আলফা সজাই হত্যা কৰিব৷ মই পৰিয়ালৰ সৈতে ভালকৈ কথা-বতৰা পাতিব পৰা নাই৷ ঘৰৰ অৱস্থা সকলোৰে বেয়া৷ ল’ৰাটোৱে ভাত পানী খোৱা নাই৷ প্ৰতিদিনে সেনা আহে মোৰ ঘৰলৈ৷ কেৱল মোৰ ঘৰলৈয়ে নহয়, বাইদেউৰ ঘৰলৈও আহে সেনা৷ মই কি কৰিম কি নকৰিম উপাই নাপাই আপোনালোকৰ ওচৰলৈ আহিলোঁ৷ 

ইফালে তৰুণ মৰাণে কয় যে তেওঁ লোকেল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সতেও ঘটনা সন্দৰ্ভত কথা পাতিছে৷ কিন্তু আৰক্ষী বিষয়াই তেওঁৰ বিৰুদ্ধে গোচৰটো সেনাই দিছে বুলি কৈ এয়া তৰুণ মৰাণৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলিয়েই মন্তব্য কৰে৷ 

লোকেল থানাৰ অ’চিৰ লগত কথা পাতিছোঁ, অ’চিয়ে সম্পূৰ্ণ গম পায় যে এয়া এক ষড়যন্ত্ৰ বুলি৷ অ’চিয়ে গোচৰটো আৰ্মীয়ে দিছে কি কৰিবা উপায় নাই বুলি মোক আশ্বস্ত কৰে৷ এতিয়া মই কি কৰিম, মোৰ উপায় নাই৷ আলফা সজাই মোক মাৰি পেলাব সেনাই৷

উল্লেখ্য যে, তিনিচুকীয়া জিলাত প্ৰায়ে সেনাই স্থানীয় লোকক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ স্থানীয় লোকসকলে এই হাৰাশাস্তিৰ পৰা মুক্তি পোৱাৰ স্বাৰ্থত পৰিৱৰ্তন বিচাৰি জাতি-মাটি-ভেটিৰ শ্ল’গান দিয়া বিজেপি-অগপ দলক ভোট দি জয়যুক্ত কৰিছিল৷ কিন্তু পূৰ্বৰ দৰে সেনাৰ সন্ত্ৰাস আজিও অব্যাহত থাকিল৷