newsnextone.com | গুৱহাটীঃ উজনিত আজিও অব্যাহত আছে সেনাৰ সন্ত্ৰাস৷ উজনিৰ তিনিচুকীয়া জিলাৰ বহু নিৰীহ লোকে সময়ে সময়ে সেনাৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে৷ নিজ পৰিয়াল এৰি সেনাৰ ভয়ত বহু লোকে আন ঠাইত লুকাই থাকিবলগীয়া হয়৷ তেনে এক ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কৰ সৈতে৷
যোৱা মঙলবাৰে গুৱাহাটীস্থিত ব্যক্তিগত খণ্ডৰ সংবাদ প্ৰতিষ্ঠান প্ৰতিদিন টাইমৰ কাৰ্যালয়ত উপস্থিত হৈ তিনিচুকীয়া জিলাৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক সেনাই হাৰাশাস্তি কৰাৰ কথা অসমৰ ৰাইজক অৱগত কৰে৷ তৰুণ মৰাণ নামৰ লোকজনে চকুলো টুকি তেওঁৰ সাতে সংঘটিত ঘটনাৰ বৰ্ণনা দিয়ে। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাই শান্তি নগৰৰ বাসিন্দা তৰুণ মৰাণৰ ঘৰত যোৱা ২০ জুনৰ নিশা সেনাৰ এটা দলে আলফাৰ সতে জড়িত থকাৰ সন্দেহত অভিযান চলায়৷