বিহালীঃ এগৰাকী যুৱ সাংবাদিকে মৃত্যুৰ সৈতে যুজ দিছে চিকিৎসালয়ৰ বিছনাত। পথ দুৰ্ঘটনাত পতিত হৈ চিকিৎসালত মৃত্যুৰ সৈতে যুজ দিছে বিশ্বনাথৰ যুৱ সাংবাদিক ভূচিত্ৰ দাধৰাই। দেওবাৰে নিশা বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়ত বিশ্বনাথৰ বালিপুখুৰীত পথ দুৰ্ঘটনাত পততি হৈ মূৰত আঘাত পায়।
বিশ্বনাথৰ বালিপুখুৰীত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে খুন্দিয়াই পলায়ণ কৰাৰ ফলত যুৱ সাংবাদিক গৰাকীয়ে পথত বাগৰি পৰে। একাংশ লোকে তেওঁক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে যদিও সংকটজনক অৱস্থাত গুৱাহাটীৰ GNRCত নিশাই প্ৰেৰণ কৰে৷ বৰ্তমান ICUত মৃত্যুৰে সৈতে যুজ দিছে সাংবাদিকগৰাকীয়ে৷ বিশ্বনাথৰ সাংবাদিক সমাজে ৰাজ্যবাসীক ভূচিত্ৰৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে সহায় কৰিবৰ বাবে আহ্বান জনায়৷