দেওবাৰে উদ্ধাৰ হোৱা গঁড়টোৰ উটো
দেওবাৰে উদ্ধাৰ হোৱা গঁড়টোৰ উটো

কাজিৰঙাঃ ৰাজ্যৰ অন্যতম ব্যৰ্থ বিভাগটোৱে হৈছে বন বিভাগ৷ বন মন্ত্ৰীয়ে চমক সৃষ্টিৰ বাবে ন’ ন’ কথা কয় যদিও সকলো ফুটুকৰা ফেনত পৰিণত হয়৷ ব্যৰ্থ বন বিভাগটোৰ বাবে যোৱা ৩০ ঘন্টাৰ ভিতৰত ৰাজ্যত চাৰিটাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ লগতে চোৰাং চিকাৰীয়ে এটি গঁড় হত্যা কৰি খৰ্গ কাটি লৈ যায়৷ বন বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে এতিয়া ৰাজ্যত প্ৰতিদিনে গঁড় হত্যা, হাতীয়ে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷ কাজিৰঙাৰ ষষ্ঠ সংযোজনত গঁড় হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গ কাটি নিয়াৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই পুনৰ এটি গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

বিশ্বনাথ জিলাৰ বাঘমাৰীত গঁড় হত্যা কৰি খৰ্গ কাটি নিয়ে আৰু দেওবাৰে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত সোমবাৰে পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হয় এটি আহত গঁড়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত উদ্ধাৰ হয় গঁড়টো। জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোমবাৰে কেইবাগৰাকী বিদেশী পৰ্যটকে উদ্যান খন ভ্ৰমণ কৰে৷ ভ্ৰমণ কালত কেইগৰাকীমান পৰ্যটকে গঁড়টো চটফটাই থকা প্ৰত্যক্ষ কৰে৷ ততাতৈয়াকৈ পৰ্যটক কেইগৰাকীয়ে বন বিভাগৰ লোকক খবৰ দিয়ে। চোৰাংচিকাৰীয়ে দেওবাৰে নিশা গড়টোক গুলীয়াই আহত কৰাৰ সন্দেহ কৰা হৈছে।

আনহাতে নিয়মিত পহৰা দিয়াৰ ক্ষেত্ৰটো উত্থাপন হৈছে প্ৰশ্ন৷ কিয়নো বন বিভাগৰ লোকে পহৰা নিদিয়াৰ ফলত বন বিভাগৰ পৰিৱৰ্তে পৰ্যটকেহে প্ৰত্যক্ষ কৰিছিল গঁড়টো৷ আহত গঁড়টোৱে যন্ত্ৰণাত চটফটাই থকাৰ পিছতো বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হৈছিল বন বিভাগৰ দল। ইতিমধ্যে চিকিৎসকৰ দল উপস্থিত হৈ গঁড়টোক চিকিৎসা আৰম্ভ কৰে৷ নিতৌ এনেদৰে গঁড় হত্যা হৈ অহাত কাজিৰঙা এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ ৰাইজে চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটে ২ বছৰ পূৰ্বে বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল বুলি কৈ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি এতিয়া প্ৰতিশ্ৰুতি হৈ থাকিল বুলি কয়৷

চৰকাৰ খনৰ প্ৰায় ২৩ মাহ পাৰ হ’ল যদিও ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ বনজ সম্পদ ৰক্ষা কৰাটো দূৰৰ কথা আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ চোৰাং চিকাৰীয়ে বন বিভাগৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যত৷

আনহাতে তৰুণ গগৈৰ চৰকাৰৰ কালত কাজিৰঙাত নতুবা আন ঠাইত গঁড, হাতীৰ হত্যা হলে প্ৰতিক্ৰিয়া-প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই যোৱা আহিছিল যদিও শেহতীয়াকৈ বন বিভাগ তথা ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবে প্ৰতিদিনে হাতী-গঁড়ৰ মৃত্যু হৈ আছে যদিও ধৰোতা কোনো নাই, মাত দিওঁতা কোনাে নাই৷ একাংশ লোকে ৰাজ্য খনৰ জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহ কিয় নিমাত তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে৷ ইপিনে, বন বিভাগ আৰু ৰেল বিভাগৰ সমন্বয়হীনতাৰ ফলত শনিবাৰে নিশা দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাই চাৰিটাকৈ বনৰীয়া হাতীয়ে।

শনিবাৰে নিশা প্ৰায় ৯-৩০ বজাত হোজাই জিলাৰ লংকাৰ হাৱাইপুৰ আৰু লুমচাখাং ৰেল ষ্টেচনৰ মাজত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো। উজনিমুৱা গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰেলখনে নিশা হাৱাইপুৰ আৰু লুমচাখাং ৰেল ষ্টেচনৰ মাজৰ ১৬৭ নম্বৰৰ মাইল পোষ্টৰ ওচৰত ৰেল লাইন পাৰ হবলৈ ধৰা পাঁচটা হাতীক মহতীয়াই নিয়ে। ফলত চাৰিটা হাতীৰ মৃত্যু হয়৷