Home ৰাজ্যপুনৰ গঁড় হত্যাৰ চেষ্টা, কাজিৰঙাত যন্ত্ৰণাত চটফটাই থকা গঁড় উদ্ধাৰ কৰিলে পৰ্যটকে

পুনৰ গঁড় হত্যাৰ চেষ্টা, কাজিৰঙাত যন্ত্ৰণাত চটফটাই থকা গঁড় উদ্ধাৰ কৰিলে পৰ্যটকে

by News Desk
48 views
A+A-
Reset

কাজিৰঙাঃ ৰাজ্যৰ অন্যতম ব্যৰ্থ বিভাগটোৱে হৈছে বন বিভাগ৷ বন মন্ত্ৰীয়ে চমক সৃষ্টিৰ বাবে ন’ ন’ কথা কয় যদিও সকলো ফুটুকৰা ফেনত পৰিণত হয়৷ ব্যৰ্থ বন বিভাগটোৰ বাবে যোৱা ৩০ ঘন্টাৰ ভিতৰত ৰাজ্যত চাৰিটাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ লগতে চোৰাং চিকাৰীয়ে এটি গঁড় হত্যা কৰি খৰ্গ কাটি লৈ যায়৷ বন বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে এতিয়া ৰাজ্যত প্ৰতিদিনে গঁড় হত্যা, হাতীয়ে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷ কাজিৰঙাৰ ষষ্ঠ সংযোজনত গঁড় হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গ কাটি নিয়াৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই পুনৰ এটি গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

বিশ্বনাথ জিলাৰ বাঘমাৰীত গঁড় হত্যা কৰি খৰ্গ কাটি নিয়ে আৰু দেওবাৰে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত সোমবাৰে পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হয় এটি আহত গঁড়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত উদ্ধাৰ হয় গঁড়টো। জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোমবাৰে কেইবাগৰাকী বিদেশী পৰ্যটকে উদ্যান খন ভ্ৰমণ কৰে৷ ভ্ৰমণ কালত কেইগৰাকীমান পৰ্যটকে গঁড়টো চটফটাই থকা প্ৰত্যক্ষ কৰে৷ ততাতৈয়াকৈ পৰ্যটক কেইগৰাকীয়ে বন বিভাগৰ লোকক খবৰ দিয়ে। চোৰাংচিকাৰীয়ে দেওবাৰে নিশা গড়টোক গুলীয়াই আহত কৰাৰ সন্দেহ কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0