Home ৰাজ্যপ্ৰখৰ ৰ’দত দূৰ্গম অঞ্চলত খোজকাঢ়ি আঁচনি পৰিদৰ্শন কাৰ্যবাহী সদস্য মঙ্গলছিঙৰ

প্ৰখৰ ৰ’দত দূৰ্গম অঞ্চলত খোজকাঢ়ি আঁচনি পৰিদৰ্শন কাৰ্যবাহী সদস্য মঙ্গলছিঙৰ

by News Desk
A+A-
Reset
kheroni

খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ তথা কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিত ৰূপায়ন কাৰ্য্য চলি থকা আৰু ৰূপায়নৰ কাম ইতিমধ্যে সম্পূৰ্ন হোৱা আঁচনিৰ আঁচনিস্থলিত আজি প্ৰখৰ ৰ’দকো আওকাণ কৰি দূৰ্গম অঞ্চলে অঞ্চলে খোজকাঢ়ি আকস্মিকভাৱে কাৰ্বি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে স্বয়ং উপস্থিত হৈ আঁচনিসমূহ পৰিদৰ্শন কৰে। 

অতি পিছপৰা পাহাৰীয়া জিলাখনত গ্ৰাম্যাঞ্চলৰ জনহিতাৰ্থে পৰিষদীয় হামৰেন সমষ্টিৰ বিভিন্ন স্থানত আই ডব্লিউ এম পি যোজনাৰ অধীনত কেবাতাওকৈ গুৰুত্বপূৰ্ণ আঁচনি ইতিমধ্যে প্ৰদান কৰিছে শাসনাধিস্থ বিজেপি চৰকাৰখনে। উল্লেখযোগ্য যে ইয়াৰে ভিতৰত গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ যোগেদি ২০১৮-১৯  বিত্তীয় বৰ্ষৰ আই ডব্লিউ এম পি যোজনাৰ অধীনত বৃহত্তৰ ২৩ নম্বৰ ডেৰাজুৰি অঞ্চলৰ আৰটো-বংলং বৰ্মন ফাংছ’ গাওঁত ৱাটাৰ-হাৰ্বেষ্টিং আঁচনি ৰূপায়ন কৰাৰ লগতে কাবুঙ গাওঁ আৰু হাৰলঙচৰা জে এছ ডেৰা গাওঁতো সেই একেধৰণৰ আঁচনি ৰূপায়ন কৰা হৈছে। আনহাতে চেকার্টু গাওঁ আৰু হাৰলঙচৰা গাওঁত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ আই ডব্লিউ এম পি যোজনাৰ অধীনতে ফাৰ্ম পণ্ড নিৰ্মানৰ কাম কৰা হৈছে। অৱশ্যে উল্লেখিত আঁচনি সমূহৰ ভিতৰত কেইখনমানৰ নিৰ্মাণ কাৰ্য্য ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু কেইখনমান আঁচনিৰ নিৰ্মাণ কাৰ্য্য এতিয়াও চলিত অৱস্থাত আছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0