newsnextone.com | কাৰ্বি আংলংঃ বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়৷ এই যোগ দিৱস পালনৰ এখন ফটোই এতিয়া সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ 

বৃহত্তৰ অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ তথা অসমীয়াৰ পৰিচয় গামোচাৰ ওপৰত থিয় হৈ যোগাসন কৰা এখন ফটো ছ’চিয়েল মাধ্যম যোগে প্ৰচাৰ হোৱাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

উল্লেখ্য যে, কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য জগতসিং ইংতি আৰু নিলীপ পৰিষদীয় সদস্য পৱিত্ৰ ইংতিয়ে বুধবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ গৈ অসমীয়াৰ সন্মানৰ প্ৰতীক গামোচাৰ ওপৰত থিয় হৈ যোগাসন কৰিছিল৷

স্বায়ত্ব পৰিষদৰ সদস্য কেইজনৰ এনে কাণ্ডৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে সচেতন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ যি যোগ দিৱসৰ দিনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কান্ধত অসমীয়াৰ পৰিচয় গামোচাখন লৈ যোগাসন কৰা পৰিলক্ষিত হয়, সেই সময়ত স্বায়ত্ব পৰিষদৰ সদস্য কেইজনে অসময়ীৰ স্বাভিমানক কৰা অপমানে সকলোকে ক্ষুন্ন কৰি তোলা পৰিলক্ষিত হৈছে৷

সচেতন মহলে স্বায়ত্ব পৰিষদৰ সদস্য কেইজনৰ এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি ইয়াৰ বাবে অসমীয়া জাতিৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনাইছে৷