Home ৰাজ্যহৰিশিঙাত চলন্ত ইন্টাৰছিটি এক্সপ্ৰেছত বিস্ফোৰণৰ ঘটনা

হৰিশিঙাত চলন্ত ইন্টাৰছিটি এক্সপ্ৰেছত বিস্ফোৰণৰ ঘটনা

by News Desk
55 views
A+A-
Reset

ওদালগুৰিঃ  কালি সন্ধিয়া ৬:৪৫ বজাত কামাখ্যা ষ্টেচনৰ পৰা ডেকাৰগাওঁ অভিমুখে আহি থকা ১৫৮১৫ নম্বৰৰ ইন্টাৰছিটি এক্সপ্ৰেছত এটা প্ৰচণ্ড বিস্ফোৰনৰ ঘটনা সংঘটিত হৈছিল। এই বিস্ফোৰণৰ ফলত দুগৰাকী মহিলাকে ধৰি চাৰিজন লোক আহত হৈছিল। এই বিস্ফোৰণৰ ঘটনাই সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে। 

ঘটনাৰ বিৱৰণী মতে, কামাখ্যাৰ পৰা ডেকাৰগাওঁ অভিমুখে আহি থকা ইণ্টাৰচিটি ৰেলখন হৰিশিঙা ৰেল ষ্টেচন আহি পোৱাৰ পূৰ্বে কঠালগুৰিত ১৫৪৬৬ নম্বৰৰ ৰেলখনৰ চতুৰ্থটো  ডবাত বিস্ফোৰণটো সংঘটিত হোৱাৰ পিছত যাত্ৰী সকলৰ মাজত হুৱা-দুৱা লাগে। লগে লগে ডবাটো ধোৱাই আগুৰি ধৰে। ফলত ঘটনাস্থলীত এক চেপা উত্তেজনা পৰিস্থিতিয়ে বিৰাজ কৰে। যাত্ৰীসকলে জৰুৰীকালীন ব্ৰেক লগাই গাড়ীখন ৰখাই দিয়ে। উক্ত ঘটনাৰ সৱিশেষ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও ই যে গ্ৰেণেডৰ পৰিৱৰ্তে এক সংস্থাপিত বোমা আছিল সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। কিয়নো বিস্ফোৰণস্থলীত উদ্ধাৰ হৈছে এটা সৰু বেটেৰী। সচৰাচৰ এনেধৰণৰ বেটেৰী টাইম বোমা অথবা আন সংস্থাপিত বোমাত ব্যৱহৃত হয়। সেয়েহে বোমাটোৰ সৈতে টাইম ডিভাইছ সংলগ্ন থকাৰ সন্দেহ নুই কৰিব নোৱাৰি।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0