ওৰাংঃ সমগ্ৰ বিশ্বতে নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলন তথা ড্ৰাগছৰ লগতে বিভিন্ন অবৈধ সৰবৰাহে এক ভয়াৱহ ৰূপ লৈছে। বিভিন্ন সা-সামগ্ৰী আন্তৰাষ্ট্ৰীয় বজাৰত অবৈধভাৱে সৰবৰাহৰ পয়োভৰ বৃদ্ধি পাবলৈ লৈছে।
জনসাধাৰণক ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীসমূহৰ লগতে সৰবৰাহৰ বিৰুদ্ধে সজাগ কৰিবলৈ ওৰাং আৰক্ষী থানাৰ উদ্যোগত আৰু নাগৰিক সমিতিৰ সৌজন্যত আজি “আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস” পালন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি গণ মিছিলেৰে ওৰাং চাৰিআলিৰ চৌদিশ পৰিভ্ৰমণ কৰে।