54
তেজপুৰঃ আন্তৰ্জাতিক প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ দুগৰাকীকৈ ছাত্ৰীয়ে। এই ছাত্ৰী দুগৰাকী হৈছে বাবলি মণ্ডল আৰু চাদিকা এছ লস্কৰ।
বিশ্ব ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি অসম ডনবস্ক’ বিশ্ববিদ্যালয়ে আন্তৰ্জাতিক ভিত্তিত অলপতে অনুষ্ঠিত কৰা ই-ইভেন্ট “Shout Out to Green World” শীৰ্ষক চুটি ছবি নিৰ্মাণ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিবলৈ সমৰ্থ হয় ছাত্ৰী দুগৰাকীয়ে।