newsnextone.com | ওদালগুৰিঃ ২১ জুন তাৰিখটো আন্তৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়৷ এই দিনটোক সমগ্ৰ বিশ্বই যোগ দিৱস হিচাপে উদযাপন কৰিব। বিশ্বৰ বিভিন্ন প্ৰান্ত আৰু সমগ্ৰ ভাৰতবৰ্ষত যোগ দিৱস পালনৰ ব্যপক প্ৰস্তুতি চলাৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে ২১ জুনত বিশ্ব যোগ দিৱস পালনৰ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ সহযোগিতাত যোগ দিৱস পালনৰ ব্যপক প্ৰস্তুতি চলি থকাৰ মাজতে ওদালগুৰি জিলাৰ বিভিন্ন এলেকাতো স্থানীয় ৰাইজৰ সহযোগত যোগ দিৱস পালন কৰা হ’ব বুলি জানিব পৰা গৈছে৷ ওদালগুৰি জিলাৰ বান্দৰগুৰি গাঁৱত যোগ দিৱস পালনক লৈ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন হোৱা পৰিলক্ষিত হৈছে৷
ভাৰতবৰ্ষত যোগাসন বুলিলে ঘপহকৈ মনলৈ অহা নামটোৱেই হৈছে যোগগুৰু বাবা ৰামদেৱৰ৷ যোগ সাধনৰ উপকাৰিতাৰ সম্পৰ্কে দেশবাসীক অৱগত কৰি ৰামদেৱে এখন সুস্থ সবল ভাৰত গঢ়াত পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে৷ আনকি ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও যোগৰ মহত্ব অনুধাৱন কৰি দেশবাসীক এই বিষয়ে সজাগ কৰি তুলিবলৈ যত্ন কৰিছে৷