Home দেশলাদাখৰ লেহ জিলাত ১৪৪ ধাৰা জাৰি, সোনম ৱাংচুকক দমনৰ চেষ্টা মোদী চৰকাৰৰ

লাদাখৰ লেহ জিলাত ১৪৪ ধাৰা জাৰি, সোনম ৱাংচুকক দমনৰ চেষ্টা মোদী চৰকাৰৰ

by News Desk
A+A-
Reset
043cd4c0-ec48-11ee-ba5a-e3671fc30b34

লেহঃ পূৰ্ণ ৰাজ্য আৰু সংবিধানৰ ষষ্ঠ অনুসূচী প্ৰযোজ্য কৰাৰ দাবীৰে কেন্দ্ৰীয় শাসিত ৰাজ্য লাদাখত বিখ্যাত পৰিৱেশ সুৰক্ষা কৰ্মী তথা উদ্ভাৱক বিজ্ঞানী সোনম ৱাংচুকে অব্যাহত ৰখা প্ৰতিবাদী কাৰ্যসূচীক দমনৰ বাবে উঠি-পৰি লাগিছে কেন্দ্ৰ চৰকাৰ। যোৱা ২৬ মাৰ্চত ২১ দিনীয়া অনশন সমাপ্ত হোৱাৰ পিছতো কোনো ফল নধৰাত ২৭ মাৰ্চত ৱাংচুকে ৭ এপ্ৰিলৰ পৰা চীন সীমান্তলৈকে মহাত্মা গান্ধীৰ ‘দাণ্ডি যাত্ৰা’ৰ আৰ্হিৰে ‘পশ্বমিনা যাত্ৰা’ৰ আহ্বান জনাইছিল। এই আহ্বানৰ পিছতে লাদাখৰ প্ৰশাসনে লেহ জিলাত তৎকালে বলৱৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে।

২১ দিনীয়া অনশন ভংগ কৰি পৰিৱেশ সুৰক্ষা কৰ্মীগৰাকীয়ে লাদাখৰ জনতাক ভাৰত-চীন সীমান্তত থকা ছাৰাগাহ ভূমিত হোৱা চীনা অধিগ্ৰহণৰ প্ৰকৃত সত্যৰ সম্ভেদ কৰিবলৈ যাত্ৰাত ভাগ ল’বলৈ জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিততে এতিয়া কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ প্ৰশাসনে অনশন, যাত্ৰা তথা আন প্ৰতিবাদী কাৰ্যসূচীত বাধা দিবলৈ পদক্ষেপ হাতত লোৱা দেখা গৈছে। এই অনুযায়ী ২৪ ঘণ্টাৰ বাবে ইণ্টাৰনেট স্পীড ৪জিৰ পৰা ২জিলৈ হ্ৰাস কৰাৰো নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে। যিকোনো মুহূৰ্ততে সম্পূৰ্ণৰূপে ইণ্টাৰনেট সংযোগ কৰ্তন কৰিবলৈকো চৰকাৰ-প্ৰশাসন সাজু হৈ পৰা বুলিও জানিব পৰা গৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0