ডিজিটেল ডেস্কঃ পৰীক্ষাত নকল কৰাৰ অভিযোগত গ্রেপ্তাৰ হ’ল তামিলনাডু কেডেটৰ প্রশিক্ষণৰত আইপিএচ বিষয়া চফিৰ কৰিম। সোমবাৰে আইবি-ৰ অভিযোগৰ ভিত্তিত গ্রেপ্তাৰ কৰা হয় বিষয়াজনক।
চেন্নাইৰ এগমোৰৰ এটা কেন্দ্রত ইউপিএচচি পৰীক্ষাত নকল কৰাৰ অভিযোগত মঙলবাৰে আইপিএচ বিষয়া কৰিমক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। জানিব পৰা মতে, কৰিম বৰ্তমানে তিৰুনেলভেলিৰ নাঙ্গুনেৰিত সহকাৰী আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব পালন কৰি আছিল। অভিযোগ অনুসৰি প্রেচিডেন্সি গার্লচ হায়াৰ চেকেণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্রত কৰিমে গোপনে মোবাইল লগত ৰাখিছিল। তেওঁৰ লগত আছিল এটা মিনি ব্লুটুথ৷ চাৰ্টৰ বুটামৰ পিছফালে লুকাই ৰখা ৱায়াৰলেচ ব্লুটুথটোৰ জৰিয়তে সংযোগত স্থাপন কৰি আছিল পত্নিৰসৈতে৷