লক্ষ্মৌঃ মুখ্যমন্ত্ৰীৰ বিপক্ষে টুইট কৰি বিপদত পৰিছে আৰক্ষী বিষয়া৷ যোগী আদিত্যনাথৰ বিৰুদ্ধে টুইটাৰত লিখি অপসাৰিত হ’ল উত্তৰ প্ৰদেশৰ আইপিএছ বিষয়া হিমাংশু কুমাৰ৷ তেওঁ লিখিছিল যে যোগী আদিত্যনাথৰ অধীনৰ জেষ্ঠ আৰক্ষী বিষয়াসকলে যাদৱ উপাধিৰ আৰক্ষীসকলক অপসাৰণ কৰা আৰম্ভ কৰিছে৷
তদুপৰি কেৱল এটা বিশেস সম্প্ৰদায়ৰ আৰক্ষীকেই কিয় লক্ষ্য কৰি লোৱা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছিল বিষয়াজনে৷ বৃহস্পতিবাৰৰ এই টুইটৰ পিছতেই আজি অপসাৰিত হয় বিষয়াজন৷ মুলতঃ অনুশাসনহীনতাৰ বাবেই অপসাৰণ কৰা বুলি কোৱা হৈছে৷