newsnextone.com | ৰঙিয়াঃ বহিঃৰাজ্যৰ পৰা আহা ইৰাণী গ্ৰুপৰ সদস্যৰ সন্ত্ৰাসৰ বাবে ৰঙিয়াত বেংকৰ গ্ৰাহক সকল কম্পিত হৈ থকাৰ সময়তে আজি ৰঙিয়াত এজন ইৰাণী গ্ৰুপৰ সদস্য আটক হ’ব লগাত পৰে। ৰঙিয়াস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ সম্মুখৰ পৰা ৰাইজৰ হাতত কৰায়ত্ত হোৱা এই প্ৰৱঞ্চকজনৰ নাম বিভীষণ কুমাৰ বুলি জানিৱ পৰা গৈছে৷ 

বিহাৰৰ এই প্ৰৱঞ্চকজনে আজি বেংকটোৰ সম্মুখত সন্দেহ জনকভাৱে ঘূৰা ফুৰা কৰি থকাত ৰাইজৰ চকুত পৰে৷ ৰাইজে লগে লগে বিষয়টো ৰঙিয়া আৰক্ষীক আৱগত কৰে৷ কিছু সময় পিছতে ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত প্ৰৱঞ্চকজনক আটক কৰে আৰু থানালৈ লৈ যায়৷ 

আৰক্ষীৰ জেৰাত প্ৰৱঞ্চকজনে বিভিন্ন সময়ত গ্ৰাহকৰ পৰা ধন লুটৰ কথা স্বীকাৰ কৰে৷ আৰক্ষীয়ে প্ৰৱঞ্চকজনৰ পৰা কিছু পৰিমানৰ নকল নোটো জব্দ কৰে৷