থৌবালঃ জীৱনৰ সুদীৰ্ঘ ২৭ টা বছৰ খোৱা-লোৱা বন্ধ কৰি দিছিল মণিপুৰৰ লৌহ মানৱী ইৰম চানু শৰ্মিলাই । সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যহাৰৰ দাবীত ১৬ টা বছৰ অনশন কৰি প্ৰতিবাদৰ এক ইতিহাস গঢ়িছিল শৰ্মিলাই। ৪৪ বছৰ বয়সত অনশন বন্ধ কৰি ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰখনত পৰিৱৰ্তন অনাৰ উদ্দেশ্য আগত ৰাখি ৰাজনীতিত নমাৰ সিদ্ধান্ত লৈছিল। সেয়ে প্ৰজা নামে এটা ৰাজনৈতিক দল গঠন কৰি এইবাৰৰ মণিপুৰৰ বিধানসভা নিৰ্বাচনত ৩ টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছিল। নিজে খেলিছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অক্ৰাম সিং ইববিৰ বিৰুদ্ধে।
কিন্তু নিৰ্বাচনৰ ফলাফলে সকলো কথা নতুনকৈ ভাবিবলৈ হয়তো বাধ্য কৰাব লৌহ মানৱী বুলি অভিহিত শৰ্মিলাক। কিয়নো থৌবাল সমষ্টিত মুখ্যমন্ত্ৰী অক্ৰাম ইববি সিঙৰ বিৰুদ্ধে যুঁজ দিবলৈ যোৱা শৰ্মিলাই লাভ কৰিছে এশটাৰো কম ভোট।