কালুগাঁওঃ শিৱসাগৰ জিলাৰ শিৱসাগৰ, আমগুৰি আৰু নাজিৰা এই তিনিটা বিধান সমষ্টি সামৰা ঐতিহাসিক খৰিকটীয়া আলিৰ জয়সাগৰৰ সুন্দৰপুৰ তিনি আলিৰ সমীপৰ ডিমৌ উপ নৈৰ ওপৰত এখন, তাৰ সমীপতে আন এখন আৰু কালুগাঁও কিৰাইআলি মূৰৰ সমীপত নামদাং নৈৰ ওপৰত এখন সহ মুঠ তিনি খনকৈ লোহাৰ দলং এতিয়া স্থানীয় ৰাইজৰ বাবে যেন মৰণফান্দলৈ পৰিণত হৈছে।
উল্লেখযোগ্য যে, ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ ইতিহাস বিজড়িত জিলাখনৰ অতি ব্যস্ততাপূৰ্ণ এই পথটোৰে শলগুৰি মৌজাৰ বৃহত্তৰ কালুগাঁও, শলগুৰি, মিছাজান, দেওপানী, বৰচিলা আদি অঞ্চলৰ লগতে জোকতলি মৌজাৰ বৃহৎ অঞ্চলৰ ৰাইজে শিৱসাগৰ নগৰৰ লগত যাতায়ত কৰে।