নগাঁওঃ নিৰ্মল ভাৰত অভিযান শীৰ্ষক গুৰুত্বপূৰ্ণ আঁচনিখন নগাঁও জিলাত একপ্ৰকাৰে ভালুকৰ সাঙীত পৰিণত হৈছে ৷ কিয়নো, নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত এই আঁচনিখন ৰূপায়ণ কৰি থকা হৈছে যদিও ইয়াৰ পূৰ্বে একে উদ্দেশ্যৰে ৰূপায়ণ কৰা সম্পূৰ্ণ অনাময় আঁচনি আৰু বিশুদ্ধ খোৱাপানী যোগান আঁচনিকেইখন আজিলৈকে সঠিক ৰূপত কাৰ্যকৰী হোৱা নাই৷
পানীয়ে মানুহৰ প্ৰাণ৷ আহাৰ নোখোৱাকৈ এসপ্তাহ পৰ্যন্ত থাকিব পাৰি, কিন্তু পানী নোখোৱাকৈ তিনি দিনো থকা অসম্ভৱ৷ কিন্তু সেইবুলি পুখুৰী, নদী অথবা নলাৰ পানী নিশ্চয় খাব নোৱাৰি৷ বিশুদ্ধ পানীৰ নামত ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰছ কৰিছে যদিও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে নগাঁও জিলাৰ ধিং উপ-সংমণ্ডলৰ ৰাইজে৷