মহুৰামুখঃ ৰাজ্য খনৰ গ্ৰাম্য অঞ্চলত অলেখ খোৱাপানী যোগান আঁচনি আছে৷ যোৱা ত্ৰিশ বছৰত কংগ্ৰেছ আৰু অগপ দলৰ চৰকাৰৰ সময়ত গাঁৱে-ভূঞে বিশুদ্ধ খোৱাপানীৰ যোগানৰ স্বাৰ্থত পানী যোগান আঁচনি সমূহ স্থাপন কৰিছিল৷ এনে আঁচনি সমূহে নিৰ্মাণৰ দুই-তিনি বছৰলৈকে পানী যোগান ধৰিছিল যদিও অলেখ পানী যোগান আঁচনি এতিয়া হাবি-জংঘলে আৱৰি আছে৷
বৰ্তমান এই আঁচনি সমূহ এতিয়া ভেকোভাঁওনাত পৰিণত হৈছে৷ মেৰামতিৰ অভাৱত জহি-খহি গৈছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীয়ে এই আঁচনি সমূহত কাম কৰি চৰকাৰী দৰমহা লৈ আহিছে যদিও চৰকাৰে আঁচনি সমূহ মেৰামতি কৰি পুনৰ কাৰ্যক্ষম কৰাৰ ব্যৱস্থা কৰা দেখা নাযায়৷ এক কথাত কবলৈ গলে অসমত চৰকাৰী আঁচনিৰ এটোপাল বিশুদ্ধ খোৱাপানী খাবলৈ পোৱাতো এতিয়া এক প্ৰকাৰ সৌভাগ্যৰ কথা৷