Home ৰাজ্যকাকপথাৰত জলসিঞ্চনৰ শ্লুইছ গেট উটুৱাই নিয়াৰ আশংকা, কাৰ পকেটত সোমাল ৫ কোটি ৪২ লাখ

কাকপথাৰত জলসিঞ্চনৰ শ্লুইছ গেট উটুৱাই নিয়াৰ আশংকা, কাৰ পকেটত সোমাল ৫ কোটি ৪২ লাখ

by News Desk
51 views
A+A-
Reset

newsnextone.com | কাকপথাৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী-বিধায়কে বাৰে বাৰে দুৰ্নীতিৰ ক্ষেত্ৰক শূন্য সহনশীলতা নীতি অৱলম্বন কৰাৰ কথা কৈ আহিছে যদিও এই নীতি সকলো ক্ষেত্ৰতে প্ৰযোজ্য হোৱা দেখা নাযায়৷ একাংশ বিভাগ, বিধায়কৰ সমষ্টিত এই নীতি প্ৰযোজ্য নহয় বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰৰ মাইথং পঞ্চায়তৰ অন্তৰ্গত চেঙেলি গাঁৱত ৫ কোটি ৪২ লাখ টকাৰে নিৰ্মাণ কৰা এটি জলসিঞ্চনৰ আঁচনিৰ ক্ষেত্ৰত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ ফলত ৰাইজৰ নিদ্ৰাহৰণ হৈছে৷ 

৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা আঁচনিটোৰ শ্লুইছ গেট খন বৰষুণ দিয়াৰ পিছতে বৃহৎ ফাট মেলাৰ লগতে বেকা হ’বলৈ ধৰাত ৰাইজ আতংকিত হৈ পৰিছে৷ শ্লুইছ গেটত ফাট মেলাৰ লগতে দুয়োমূৰে গৰাখহনীয়াৰ সৃষ্টি হোৱাত কেইবাখনো গাঁৱৰ ৰাইজে চিন্তিত হৈ পৰিছে৷ ২০১২-১৩ বৰ্ষত সেই সময়ৰ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ৫ কোটি ৪২ লাখ টকাৰে নিৰ্মাণ কৰিছিল আঁচনিটো৷ তেতিয়াৰ কংগ্ৰেছী বৰ্তমানৰ বিজেপি বিধায়ক বলিন চেতিয়াৰ অতি আপোন তিনিচুকীয়াৰ ৰাজেন সিনহা নামৰ বিতৰ্কিত ঠিকাদাৰ জনে ঠিকা লাভ কৰিছিল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0