57
গোলকগঞ্জঃ ধুবুৰী জিলাৰ বৃহত্তৰ সংখ্যালঘু অঞ্চল তামাৰহাটৰ একমাত্ৰ জলসিঞ্চন আঁচনি তামাৰহাটৰ গংগাধৰ জলসিঞ্চন আঁচনি এতিয়া ঠিকাদাৰৰ বাবে ধনসিঞ্চনত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
একাংশ ঠিকাদাৰৰ সোণৰ কণি পৰা হাঁহত পৰিণত হোৱা জলসিঞ্চন আঁচনিটোৰ (lift irrigation) লাখ-লাখ টকা ব্যয় কৰাৰ পিছতো খেতিয়কৰ পথাৰত পানী দিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ মতে, শেহতীয়াকৈ আঁচনিটোৱে খেতি পথাৰত পানী দিবলৈ সক্ষম হোৱা নাই৷