48
নতুন দিল্লীঃ পাকিস্তানৰ চোৰাংচোৱা আই এছ আই ভাৰতীয় সেনা বাহিনীয়ে গোপন তথ্য প্ৰদানৰ অভিযোগত পঞ্জাবৰ জলন্ধৰত এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷
ফাজালিকা নামৰ ঠাইখনৰ বাসিন্দা ৰাম কুমাৰে ধনৰ বিনিময়ত ভাৰত-পাকিস্তান সীমান্তত ভাৰতীয় সেনাৰ গতিবিধিৰ সন্দৰ্ভত আই এছ আইক অতি স্পৰ্শকাতৰ তথ্য প্ৰদান কৰিছিল৷ লোকজনৰ হাতত জিম্মাৰপৰা আৰক্ষীয়ে দুটা ম’বাইল ফোন আৰু চাৰিখন ছিম কাৰ্ড জব্দ কৰিছে৷