নতুন দিল্লীঃ পাকিস্তানৰ চোৰাংচোৱা আই এছ আই ভাৰতীয় সেনা বাহিনীয়ে গোপন তথ্য প্ৰদানৰ অভিযোগত পঞ্জাবৰ জলন্ধৰত এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ 

ফাজালিকা নামৰ ঠাইখনৰ বাসিন্দা ৰাম কুমাৰে ধনৰ বিনিময়ত ভাৰত-পাকিস্তান সীমান্তত ভাৰতীয় সেনাৰ গতিবিধিৰ সন্দৰ্ভত আই এছ আইক অতি স্পৰ্শকাতৰ তথ্য প্ৰদান কৰিছিল৷ লোকজনৰ হাতত জিম্মাৰপৰা আৰক্ষীয়ে দুটা ম’বাইল ফোন আৰু চাৰিখন ছিম কাৰ্ড জব্দ কৰিছে৷ 

জম্মু আৰু কাশ্মীৰ সেনা চোৰাংচোৱা গোটৰ তথ্য মৰ্মে পঞ্জাব আৰক্ষীৰ বিশেষ অভিযান গোটে আই এছ আই এজেন্টজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই লোকজনে আই এছ আইৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে৷

অধিক সোধ-পোচৰ বাবে ধৃত ৰাম কুমাৰক চণ্ডিগড়লৈ প্ৰেৰণ কৰা হৈছে৷