নলবাৰীঃ ৰাজ্যৰ চোৰাংচোৱা বিভাগে সময়ে সময়ে ইছলামিক উগ্ৰপন্থীয়ে অসমৰ বিভিন্ন স্থানত ভয়াবহ আক্ৰমণ কৰাৰ আশংকা ব্যক্ত কৰি আইন শৃংখলাৰ দিশ উন্নত কৰাৰ বাবে কৈ অহাৰ সময়তে নলবাৰী জিলাত আইচিছৰ পতাকা উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
পতাকা উদ্ধাৰৰ লগে লগে অসমৰ চোৰাংচোৱাৰ সন্দেহ সত্য বুলি প্ৰমাণিত কৰাৰ লগতে বিশ্বত নৰমেধ যজ্ঞ অব্যাহত ৰখা আইচিছে সচাকৈ খোপনি পুতিছে নেকি বুলি চৰ্চা আৰম্ভ হৈছে৷ আনহাতে জাতি-মাটি-ভেটিৰ কথা কোৱা ৰাজ্য চৰকাৰখনে আইন শৃংখলাৰ দিশ উন্নত কৰাত বিফল হৈছে নকি বুলি প্ৰশ্ন উত্থাপন হৈছে৷